অসম-মেঘালয় সীমান্তৱৰ্তী বকোৰ লাম্পীত চাঞ্চল্যকৰ ঘটনা, আৰক্ষীৰ বাহনত অগ্নি সংযোগ
কামৰূপ, ২৬ আগষ্ট (হি.স.)। অসম-মেঘালয় সীমান্তৱৰ্তী বকোৰ লাম্পীত চাঞ্চল্যকৰ ঘটনা। আৰক্ষীৰ বাহনত নিশা অগ্নি সংযোগ দুৰ্বৃত্তৰ। জানিব পৰা অনুসৰি নিশা আৰক্ষী বেটেলিয়ানৰ ব্যক্তিগত এল্ট'' বাহন এখনত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ফলত ভস্মীভূত হয় বাহনখন। আপা
অসম-মেঘালয় সীমান্তৱৰ্তী বকোৰ লাম্পীত চাঞ্চল্যকৰ ঘটনা, আৰক্ষীৰ বাহনত অগ্নি সংযোগ


কামৰূপ, ২৬ আগষ্ট (হি.স.)। অসম-মেঘালয় সীমান্তৱৰ্তী বকোৰ লাম্পীত চাঞ্চল্যকৰ ঘটনা। আৰক্ষীৰ বাহনত নিশা অগ্নি সংযোগ দুৰ্বৃত্তৰ। জানিব পৰা অনুসৰি নিশা আৰক্ষী বেটেলিয়ানৰ ব্যক্তিগত এল্ট' বাহন এখনত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ফলত ভস্মীভূত হয় বাহনখন।

আপাৰ লাম্পীৰ বেটেলিয়ান কেম্পৰ সমীপত এই অঘটন সংঘটিত হয়। খাছী দুৰ্বৃত্তই আৰক্ষীৰ বাহনখন জ্বলাই দিয়াৰ সন্দেহ স্থানীয় ৰাইজ তথা আৰক্ষীৰ। বেটেলিয়ান কেম্পলৈ বাহখন নিয়া অসুবিধাৰ বাবে পথৰ কাষত ৰাখি থৈছিল। শ্বিলং আৰু যোৰাবাটৰ অনাকাংক্ষিত ঘটনাৰ পিছত সীমান্তত আন এক অঘটন। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীলৈ অসম আৰক্ষীৰ বিষয়া ৰাওনা হৈ এই সমগ্ৰ ঘটনা তন্ন তন্ন কৈ পৰীক্ষা কৰি আছে। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব সমগ্ৰ ঘটনা।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande