পলাশবাৰীৰ আমৰাঙ্গা বৰিহাট অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ
কামৰূপ, ২৬ আগষ্ট (হি.স.)। পলাশবাৰী সমষ্টিৰ আমৰাঙ্গা বৰিহাট অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱে আতংকিত কৰি তুলিছে অঞ্চলবাসীক। জানিব পৰা মতে, শেহতীয়াকৈ বনৰীয়া হাতীৰ এটা জাকে অঞ্চলটোৰ বিভিন্ন স্থানত প্ৰৱেশ কৰি চাৰিটাকৈ বাসগৃহ, ভঁৰাল ঘৰ আদি ভাঙি বিস্তৰ ক্ষত
পলাশবাৰীৰ আমৰাঙ্গা বৰিহাট অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ


পলাশবাৰীৰ আমৰাঙ্গা বৰিহাট অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ


কামৰূপ, ২৬ আগষ্ট (হি.স.)। পলাশবাৰী সমষ্টিৰ আমৰাঙ্গা বৰিহাট অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱে আতংকিত কৰি তুলিছে অঞ্চলবাসীক। জানিব পৰা মতে, শেহতীয়াকৈ বনৰীয়া হাতীৰ এটা জাকে অঞ্চলটোৰ বিভিন্ন স্থানত প্ৰৱেশ কৰি চাৰিটাকৈ বাসগৃহ, ভঁৰাল ঘৰ আদি ভাঙি বিস্তৰ ক্ষতিসাধন কৰে। স্থানীয় লোকৰ অভিযোগ অনুসৰি, নিশাৰ ভাগত বনৰীয়া হাতীৰ জাকটোৱে জনাঞ্চলত প্ৰৱেশ কৰি ঘৰৰ দেৱাল, ভঁৰাল আৰু অন্যান্য সামগ্ৰী ক্ষতিগ্ৰস্ত কৰে।

হাতীৰ উপদ্ৰৱৰ ফলত বহু পৰিয়াল আতংকিত হৈ পৰিছে। বিশেষকৈ নিশা হ'লেই অঞ্চলবাসীৰ মাজত ভয় আৰু উদ্বেগ বৃদ্ধি পায়। ইফালে, হাতীৰ জাকটোৱে খাদ্যৰ সন্ধানত জনাঞ্চললৈ প্ৰৱেশ কৰাৰ ফলত মানুহ আৰু বন্যহস্তীৰ সংঘাতৰ আশংকাও বৃদ্ধি পাইছে। স্থানীয় ৰাইজে বন বিভাগক বিষয়টোত তাৎক্ষণিকভাৱে হস্তক্ষেপ কৰি বনৰীয়া হাতীৰ জাকটোক জনাঞ্চলৰ পৰা আঁতৰাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। লগতে হাতীৰ আক্ৰমণত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক চৰকাৰী নিয়ম অনুসৰি উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ বাবেও দাবী জনাইছে অঞ্চলবাসীয়ে। বন বিভাগে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক দিনত অধিক ক্ষয়-ক্ষতি হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ৰোধৰ বাবে বন বিভাগ, প্ৰশাসন আৰু স্থানীয় ৰাইজে সমন্বিতভাৱে পদক্ষেপ গ্ৰহণ কৰাটো এতিয়া অতি জৰুৰী হৈ পৰিছে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande