
যোৰহাট, ২৬ আগষ্ট (হি.স.): যোৰহাটত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে ক্লাব ৰোড অঞ্চলৰ পৰা যোৱা কালি মঙলবাৰে নিশা পুনৰ এজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হয় । আটকাধীন যুৱকজন গোলাঘাটৰ বাসিন্দা আজাদুৰ ৰহমান বুলি জানিব পৰা গৈছে ।
আজাদুৰ ৰহমানৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰে যোৰহাট সদৰ আৰক্ষীযে । লগতে অভিযানৰ সময়ত এটা আইফোন ১৭ মোবাইল ফোন, এখন ৰয়েল এনফিল্ড হান্টাৰ ৩৫০ মটৰ চাইকেলো জব্দ কৰিছে । জব্দ কৰা মটৰ চাইকেলখনৰ নম্বৰ এএছ ০৩ এআৰ ২০০১ বুলি কোৱা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, আজাদুৰ ৰহমানে যোৰহাটৰ চিনামৰা অঞ্চলৰ ৰূপনগৰত ভাড়াতীয়া হিচাপে বহুদিন ধৰি বসবাস কৰি আহিছিল । এই অভিযান লিচুবাৰী আৰক্ষী চকী আৰু যোৰহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋষিকেশ হাজৰিকাৰ নেতৃত্বত চলিছিল ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ