
ডিব্ৰুগড়, ২৬ আগষ্ট (হি.স.)। ডিব্ৰুগড়ত এইচ.আই.ভি. আৰু যৌন সংক্ৰমিত ৰোগ সন্দৰ্ভত সজাগতা অভিযানৰ ৰাজ্যিক পৰ্যায়ৰ শুভাৰম্ভণি। ৬০ দিনীয়া বিস্তৃত আই ই চি অভিযানৰ শুভাৰম্ভণি স্বাস্থ্য মন্ত্ৰী অশোক সিংহালৰ।
ৰাজ্যৰ ৩৫ খন জিলাৰ ৩৯০০ গাঁও সামৰি এই ৬০ দিনীয়া বিশেষ অভিযান। অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত এই কাৰ্যসূচী।
সাধাৰণ জনতাৰ জ্ঞানৰ স্তৰ বৃদ্ধি কৰাৰ লগতে সমগ্ৰ অসমত এইচ.আই.ভি. আৰু যৌন সংক্ৰমিত ৰোগ সন্দৰ্ভত প্ৰয়োজনীয় তথ্যৰে জনসাধাৰণক সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্যে অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত আৰম্ভ কৰিবলৈ লোৱা ৬০ দিনীয়া বিস্তৃত তথ্য, শিক্ষা আৰু যোগাযোগ অভিযানৰ ৰাজ্যিক পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠান আজি ডিব্ৰুগড় জিলা পুথিভঁৰালত অনুষ্ঠিত হয়। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালে অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ।
অনুষ্ঠানত ৰাজ্য সভাৰ সাংসদ যোগেন মহন, মন্ত্ৰী ৰামেশ্বৰ তেলী , বিধায়ক চক্ৰধৰ গগৈৰ লগতে ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ড° চৈকত পাত্ৰ,অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অধ্যক্ষ ডা : সঞ্জীৱ কাকতিকে ধৰি বহু সংখ্যক গন্যমান্য ব্যক্তি উপস্থিত থাকে।
উল্লেখ্য যে, এই ৬০ দিনীয়া বিস্তৃত সজাগতা অভিযানৰ অধীনত অসমৰ ৩৫ খন জিলাৰ ৩৯০০ খন গাঁও আৰু ৫০০ বস্তি অঞ্চল সামৰি লোৱা হ’ব।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা