মন্ত্ৰী অশোক সিংহলৰ উজনি অসম ভ্ৰমণ
ডিব্ৰুগড়ত ৰাজ্যিক পৰ্য্যায়ৰ ৬০ দিনীয়া এইচআইভি সজাগতা অভিযানৰ শুভাৰম্ভ; ডিমৌত ৰক্তকেন্দ্ৰ, নাজিৰাত নতুন চিকিৎসালয় ভৱন উদ্বোধন ডিব্ৰুগড় , ২৬ আগষ্ট (হি.স.)। ৰাজ্যৰ স্বাস্থ্যসেৱা ব্যৱস্থাক অধিক শক্তিশালী আৰু জনমুখী কৰাৰ লক্ষ্যৰে আজি স্বাস্থ্য আ
মন্ত্ৰী অশোক সিংহলৰ উজনি অসম ভ্ৰমণ


ডিব্ৰুগড়ত ৰাজ্যিক পৰ্য্যায়ৰ ৬০ দিনীয়া এইচআইভি সজাগতা অভিযানৰ শুভাৰম্ভ; ডিমৌত ৰক্তকেন্দ্ৰ, নাজিৰাত নতুন চিকিৎসালয় ভৱন উদ্বোধন

ডিব্ৰুগড় , ২৬ আগষ্ট (হি.স.)। ৰাজ্যৰ স্বাস্থ্যসেৱা ব্যৱস্থাক অধিক শক্তিশালী আৰু জনমুখী কৰাৰ লক্ষ্যৰে আজি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে ডিব্ৰুগড়ত এইচআইভি আৰু সংক্ৰমিত ৰোগ সম্পৰ্কে ৬০ দিনীয়া ৰাজ্যিক পৰ্যায়ৰ বিস্তৃত তথ্য, শিক্ষা আৰু যোগাযোগ অভিযানৰ শুভাৰম্ভ কৰে। অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত ডিব্ৰুগড় জিলা পুথিভঁৰালত অনুষ্ঠিত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে এই অভিযানৰ জৰিয়তে এইচআইভি সম্পৰ্কে সঠিক জ্ঞান বৃদ্ধি, ভুল ধাৰণা আৰু বৈষম্য দূৰ কৰাৰ লগতে উপলব্ধ স্বাস্থ্য সেৱাৰ বিষয়ে জনসাধাৰণক অৱগত কৰা হ’ব।

উল্লেখ্য যে, অভিযানটোৰ অধীনত অসমৰ ৩৫খন জিলাৰ প্ৰায় ৩,৯০০খন গাঁও আৰু ৫০০টা বস্তি অঞ্চল সামৰি লোৱা হ’ব। ৫০০খন বিদ্যালয় আৰু ২০০খন মহাবিদ্যালয়তো সজাগতা কাৰ্যসূচী অনুষ্ঠিত হ’ব। ৰেড ৰিবন ক্লাৱৰ জৰিয়তে বিভিন্ন শিক্ষানুষ্ঠানত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে চৰকাৰী চিকিৎসালয়ত ১০০টা বিশেষ শিবিৰৰ জৰিয়তে বিনামূলীয়া এইচআইভি আৰু যৌন সংক্ৰমিত ৰোগৰ পৰীক্ষা, পৰামৰ্শদান আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব।

ডিব্ৰুগড়ৰ অনুষ্ঠানৰ পিছতে মন্ত্ৰী সিংহলে শিৱসাগৰৰ ডিমৌৰ ছ্যুকাফা মাল্টিস্পেচিয়েলিটি চিকিৎসালয়ত নতুন ৰক্তকেন্দ্ৰ উদ্বোধন কৰে। এই ৰক্তকেন্দ্ৰই শিৱসাগৰ আৰু সমীপৱৰ্তী অঞ্চলৰ ৰোগীসকলৰ বাবে সুৰক্ষিত ৰক্ত সংৰক্ষণ আৰু সময়মতে যোগান নিশ্চিত কৰাত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।

ইয়াৰ পিছতে নাজিৰাৰ লিগিৰীপুখুৰীত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। নতুন ভৱনটোৱে নাজিৰা আৰু দাঁতিকাষৰীয়া অঞ্চলৰ জনসাধাৰণক উন্নত আৰু সহজলভ্য স্বাস্থ্যসেৱা প্ৰদানত সহায় কৰিব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ স্বাস্থ্য আন্তঃগাঁথনি উন্নয়নৰ কাম অব্যাহত আছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

দিনটোৰ শেষত মন্ত্ৰী অশোক সিংহলে শিৱসাগৰৰ বান বিধ্বস্ত নেপালীখুটি অঞ্চল পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয়। তেওঁ বানাক্ৰান্ত ৰাইজৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যা, অভাৱ-অভিযোগ আৰু স্বাস্থ্যজনিত প্ৰয়োজনীয়তাৰ বিষয়ে বুজ লোৱাৰ লগতে সংশ্লিষ্ট বিষয়াসকলৰ সৈতে প্ৰয়োজনীয় সহায়-সহযোগিতাৰ বিষয়েও আলোচনা কৰে।

ডিব্ৰুগড়ৰ অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ যোগেন মহন, মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক চক্ৰধৰ গগৈ, জিলা আয়ুক্ত বিক্ৰম কৈৰীকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ডিমৌত অনুষ্ঠিত অনুষ্ঠানত মন্ত্ৰী সুশান্ত বৰগোহাঁই, সাংসদ যোগেন মহন, শিৱসাগৰৰ জিলা আয়ুক্ত মৃদুল যাদৱ, অ’এনজিচিৰ মুখ্য কাৰ্যবাহী বিষয়া সন্দীপ কুমাৰ আৰু ছ্যুকাফা হাস্পতালৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ ৰাজীৱ যাদৱ উপস্থিত থাকে। নাজিৰাৰ অনুষ্ঠানতো সাংসদ যোগেন মহন, বিধায়ক ময়ূৰ বৰগোহাঁইসহ স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande