
যোৰহাট, ২৬ আগষ্ট (হি.স.): যোৰহাট জিলাৰ তিতাবৰত মাইক্ৰ’ফাইনেঞ্চৰ ঋণক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। বহু মহিলাৰ নামত লাখ লাখ টকাৰ ঋণ লৈ পলায়ন কৰে এগৰাকী মহিলাই । তিতাবৰৰ খৰিকটীয়া গ্ৰাণ্টৰ ১০ নং ৱাৰ্ডৰ চামতলত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। চঞ্চলা তাঁতী নামৰ মহিলা গৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ ।
অভিযোগ অনুসৰি, চঞ্চলা তাঁতীয়ে বিভিন্ন প্ৰলোভন দেখুৱাই অঞ্চলটোৰ বহু সহজ সৰল মহিলাৰ পৰা নথি-পত্ৰ সংগ্ৰহ কৰিছিল । সেই নথি-পত্ৰ ব্যৱহাৰ কৰি কেইবাটাও মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ পৰা বৃহৎ পৰিমাণৰ ঋণ লয় । আৰু ঋণৰ ধন লাভ কৰাৰ পিছতে মহিলাগৰাকীয়ে পলায়ন কৰে । ইফালে, ঋণ পৰিশোধৰ বাবে এতিয়া হাহাকাৰ কৰিব লগা হৈছে ভুক্তভোগী মহিলা সকলে। মাইক্ৰ’ফাইনেঞ্চ কৰ্মীয়ে ঘৰে ঘৰে আহি হেঁচা দিয়াত চৰম বিপদত পৰিছে তেওঁলোক । এই ঘটনাৰ উচিত তদন্ত বিচাৰি প্ৰশাসনৰ ওচৰত কাতৰ অনুৰোধ জনাইছে ভুক্তভোগী সকলে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ