বৰপেটাত পুনৰ লাভ জেহাদৰ ঘটনা
বৰপেটাত পুনৰ লাভ জেহাদৰ ঘটনা ।
বৰপেটাত পুনৰ লাভ জেহাদৰ ঘটনা


বৰপেটা, ২৬ আগষ্ট (হি.স.): বৰপেটাত পুনৰ লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে । ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰি এগৰাকী ১৫ বছৰীয়া হিন্দু কিশোৰীক প্ৰেমৰ জালত আবদ্ধ কৰে কামাল উদ্দিন নামৰ যুৱকজনে । অৱশেষত আৰক্ষীয়ে ভুক্তভোগী কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে অভিযুক্তৰ মাতৃক আটক কৰে ।

জানিব পৰামতে, কমল দাস নামেৰে আধাৰ কাৰ্ড বনাই ১৫বছৰীয়া কিশোৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়িলে কামাল উদ্দিনে । ভুৱা নাম আৰু ধৰ্মীয় পৰিচয়ৰে ছদ্মবেশ ধৰি এজন মুছলমান যুৱকে এগৰাকী ১৫ বছৰীয়া হিন্দু কিশোৰীক প্ৰেমৰ জালত বন্দী কৰি বহি ৰাজ্যলৈ লৈ যায় । হিন্দুত্ববাদী সংগঠনৰ তৎপৰতাত পোহৰলৈ আহে সমগ্ৰ ঘটনা। অভিযুক্তৰ মাতৃৰ সৈতে ভুক্তভোগী কিশোৰীক কালি সন্ধিয়া উদ্ধাৰ আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ সহযোগত বৰপেটাৰোড ৰেলৱে আৰক্ষীয়ে।

প্রাপ্ত খবৰ অনুসৰি, বৰপেটা কাৰাগাৰীৰ ২৫ বছৰীয়া কামাল উদ্দিন নামৰ যুৱকজনে নিজৰ প্ৰকৃত পৰিচয় গোপনে ৰাখি আধাৰ কাৰ্ডত নিজকে 'কমল দাস' বুলি হিন্দু যুৱকৰ ভুৱা পৰিচয় দি কিশোৰী গৰাকীক প্ৰেমৰ জালত বন্দী কৰিছিল। যুৱতী গৰাকীকলৈ প্ৰেমৰ জালত পেলাই বহি ৰাজ্যলৈ লৈ গৈছিল কামাল উদ্দিনে। যুৱতীগৰাকী নিৰুদ্দেশ হোৱাৰ পিছতেই পৰিয়ালে অনুসন্ধান আৰম্ভ কৰে। পৰৱৰ্তী সময়ত গাজিয়াবাদৰ পৰা ৰে’লযোগে বৰপেটাৰোডত উপস্থিত হ'ব বুলি খবৰ পাই স্থানীয় ৰাইজ আৰু হিন্দু সংগঠনৰ লোকসকলে বৰপেটাৰোড ৰেল ষ্টেচনত উজনিমুৱা নৰ্থ ইষ্ট এক্সপ্ৰেছত অভিযান চলাই কামালউদ্দিনৰ মাতৃসহ ভুক্তভোগী কিশোৰী গৰাকীক আটক কৰে।

নাবালিকা গৰাকীক উদ্ধাৰ কৰি বৰপেটাৰোড ৰেলৱে আৰক্ষীক চমজাই দিয়াৰ পিছতে বৰপেটাৰোড ৰে'লৱে ষ্টেচনত সৰ্থেবাৰী আৰক্ষী উপস্থিত হৈ নাবালিকা গৰাকীক উদ্ধাৰ কৰি পৰিয়ালৰ লোকক চমজাই দিয়ে যদিও এতিয়ালৈকে অভিযুক্ত কামাল উদ্দিন নামৰ যুৱকজন পলাতক অৱস্থাত আছে। এইক্ষেত্ৰত হিন্দু সংগঠনটোৱে অভিযুক্ত কামাল উদ্দিনৰ কঠোৰ শাস্তিৰ লগতে হিন্দু সকলক সচেতন হ'বলৈ আহ্বান জনায় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande