
কোকৰাঝাৰ, ২৬ আগষ্ট (হি.স.)। বড়োলেণ্ড বিশ্ববিদ্যালয়ত সাহিত্যৰ মাধ্যমেৰে সম্প্ৰীতি শীৰ্ষক দুদিনীয়া সাহিত্যিক অভিবৰ্তণ ৷
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা (এন এছ এছ) আৰু অসম সাহিত্য সভাৰ যৌথ উদ্যোগত আয়োজিত হয় এই অভিবৰ্তণৰ ৷
অনুষ্ঠানত বড়ো সাহিত্য সভা, কোচৰাজবংশী সাহিত্য সভা,অসম নেপালী সাহিত্য সভা,ৰাভা সাহিত্য সভা আৰু চাওঁতাল সাহিত্য সভাৰ অংশ গ্ৰহণ ৷
এই উপলক্ষে বিশ্ববিদ্যালয়ৰ জৌহ্লাও নীলেশ্বৰ ব্ৰহ্ম প্ৰেক্ষাগৃহত আজি প্ৰথমদিনা বন্তি প্ৰজ্বলণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিশ্ববিদ্যালয়ৰ উপচাৰ্য বি এল আহুজাই আৰু উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰা ৷
শান্তি , সমন্বয়, একতা বাৰ্তা বিলোৱাৰ লক্ষ্যৰে চিৰ চেনেহী মোৰ ভাষা জননী একেমুখে গুঞ্জন উঠিল বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জৌহোলাউ নিলিশ্বৰ ব্ৰহ্ম প্ৰেক্ষাগৃহত।
বানপানী চাবলৈ ব্ৰহ্মপুত্ৰ পাৰত , বন্যপ্ৰাণী চাবলৈ চিৰিয়াখানা আৰু শান্তি, সমন্বয়, একতাৰ বাৰ্তা বড়োলেণ্ড বিশ্ববিদ্যালয়ত সৃষ্টি হৈছে বুলি মন্তব্য অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ।
ঠিক সেইদৰে অসম এখন ফুলনি বাগিচা দৰে ৰাজ্য হয়।য'ত বিভিন্ন ৰঙ বিৰঙৰ ফুলে সৌন্দৰ্য বৃদ্ধি পাইছে বুলি ভাষণত উল্লেখ কৰে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে।
উল্লেখ্য যে দুদিনীয়া সাহিত্য অভিবৰ্তণত অহা কাইলৈ অসম সাহিত্য সভা,কবি সন্মিলণ উপ সমিতিৰ তত্বাৱধানত কাব্যকাকলি-৭এক অনুষ্ঠানৰে সামৰণি পৰিৱ ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা