

মৰিগাঁও, ২৬ আগষ্ট (হি.স.)। জাগীৰোড ৰে'ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে নিৰ্মাণ কৰি থকা হৈছে যদিও এই নিৰ্মাণ কাৰ্যত বহু বিসংগতি থকাৰ অভিযোগ৷ অমৃত ভাৰত ষ্টেচনত যিসমূহ সুবিধা থাকিব লাগিছিল সেই সুবিধা পোৱা নাই যাত্ৰীয়ে৷
বিশেষকৈ যাত্ৰীৰ সুবিধাৰ বাবে জাগীৰোড ৰেল ষ্টেচনত মাত্ৰ এশ মিটাৰ দুৰত্বত নতুনকৈ নিৰ্মাণ হ’বলগীয়া ফুট অভাৰ ব্ৰীজৰ দুৰত্ব বৃদ্ধি কৰাৰ প্ৰয়োজন৷ আনহাতে বিশুদ্ধ খোৱাপানী, অনাময় ব্যৱস্থা, পানী নিষ্কাশনৰ বাবে নলা নিৰ্মাণ, যাত্ৰীৰ নিৰাপত্তাৰ বাবে চিচি টিভি কেমেৰাৰ ব্যৱস্থা, পৰ্যাপ্ত পোহৰ আদি এনে বহু সমস্যা সমাধানৰ বাবে জাগীৰোডৰ সচেতন নাগৰিকৰ এটা দলে বুধবাৰে এক স্মাৰকপত্ৰ প্ৰদান কৰে৷ জাগীৰোডস্থিত উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ সহায়ক মণ্ডল অভিযন্তা বিনোদ কুমাৰ ৰজকক স্মাৰকপত্ৰ প্ৰদান কৰে সজাতি দলটোৱে৷ আনহাতে ৰাজহুৱা এই দাবী সমূহ ৰেল বিভাগৰ ঊৰ্ধতন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰি অতি শীঘ্ৰে সমাধানৰ আশ্বাস প্ৰদান কৰে বিষয়া গৰাকীয়ে৷
হিন্দুস্থান সমাচাৰ / Narayan Kar