
তিনিচুকীয়া, ২৬ আগষ্ট (হি.স.)। তিনিচুকীয়া জিলাৰ ডুমডুমাত হনুমান ঝাণ্ডা উৎসৱ উপলক্ষে বাহিৰ কৰা বিশাল শোভাযাত্ৰাত দেখা পোৱা গ’ল সম্প্ৰীতিৰ নিদৰ্শন।
ভক্তি আৰু উৎসাহেৰে শোভাযাত্ৰাত অংশগ্ৰহণ কৰা ভক্তসকলৰ সমৰ্পণে সমগ্ৰ ডুমডুমাত সৃষ্টি কৰে এক উৎসৱমুখৰ পৰিৱেশৰ।
শোভাযাত্ৰাত অংশগ্ৰহণ কৰা ভক্তসকলক ডুমডুমা মহৰম সমিতিয়ে পানী আৰু চৰবত যোগান ধৰি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা