
যোৰহাট, ২৬ আগষ্ট (হি.স.): যোৰহাট জিলাৰ তিতাবৰত যোৱা কালি মঙলবাৰে সন্ধিয়া বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জাহ যায় এটা বাসগৃহ । তিতাবৰ বিবিজান পুৰণি মাটিৰ পৱিত্ৰ দাস নামৰ লোকজনৰ বাসগৃহত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা ।
উল্লেখ্য় যে ঘৰত কোনো নথকা অৱস্থাতে সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । কথমপি ৰক্ষা পৰে কাষতে থকা কেইবাটাও বাসগৃহ । যাৱতীয় নথি পত্ৰৰ লগতে কেইবা লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত জাহ যায় । ইফালে অগ্নিকাণ্ড সূত্ৰপাতৰ কাৰণ এই মুহূৰ্ত লৈকে জানিব পৰা হোৱা নাই । স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ