
ইটানগৰ, ২৬ আগষ্ট (হি.স.)। অৰুণাচলত অন্য ৩ টা বৃহৎ জলবিদ্যুৎ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে সংশ্লিষ্ট নিৰ্মাতা প্ৰতিষ্ঠান সমূহে লাভ কৰিছে পৰিবেশ সংক্ৰান্তীয় অনুমোদন। ২২৫০ মেগাৱাট শক্তি উৎপাদনক্ষম কালাই টু জলবিদ্যুৎ প্ৰকল্প,৩০৯৭ মেগাৱাট শক্তি উৎপাদনক্ষম ইটালীন জলবিদ্যুৎ প্ৰকল্প আৰু ২০২০ মেগাৱাট শক্তি উৎপাদনক্ষম অজু জলবিদ্যুৎ প্ৰকল্পই লাভ কৰিছে এই অনুমোদন। ইফালে অসমৰ মুৰৰ ওপৰত স্থাপন হ'বলগীয়া এনে বৃহৎ নদীবান্ধৰ বিৰোধিতাৰে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ কাষ চাপিছে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক লক্ষ্যজ্যোতি গগৈ। অৰুণাচলৰ ইটালীনত স্থাপন হ'বলগীয়া বৃহৎ নদীবান্ধৰ বিৰোধিতাৰে প্ৰাধিকৰণৰ কাষ চাপিছে ৰাইজৰ দলৰ নেতা গৰাকী।
চীনৰ য়াৰলুং চাংপোৰ পৰা অৰুণাচললৈকে বৃহৎ নদীবান্ধৰ দীঘলীয়া শাৰী। অৰুনাচলত আৰু তিনিটা বৃহৎ নদীবান্ধৰ বাবে পৰিবেশ সংক্ৰান্তীয় অনুমোদন। নদী বান্ধৰ বিৰোধিতাৰে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণত গোচৰ। উজনি অসমৰ জনসাধাৰণৰ মুৰৰ ওপৰত বৃহৎ :বৃহৎ নদীবান্ধ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা ইতিমধ্যে আৰম্ভ হৈছে। আশীৰ্বাদৰ পৰিৱৰ্তে ক্ৰমাৎ অভিশাপ হৈ উঠিছে এই বৃহৎ নদীবান্ধ সমূহ।চীনৰ য়াৰলুং চাংপোৰ পৰা অৰুণাচলৰ লৱাৰ দিবাং উপত্যকা বহুমুখী জলবিদ্যুৎ প্ৰকল্পলৈকে মুঠ ১৩৫ টা নদীবান্ধৰ বোজা। ল'ব লাগিব উজনি অসমৰ জনসাধাৰণে।যিটো অত্যন্ত সংবেদনশীল আৰু গভীৰ শংকাৰ বিষয়। ইতিমধ্যে: আৰু ৩ টা বৃহৎ নদীবান্ধ নিৰ্মাণৰ বাবে সংশ্লিষ্ট নিৰ্মাতা প্ৰতিষ্ঠানে লাভ কৰিছে পৰিবেশ সংক্ৰান্তীয় অনুমোদন। এই অনুমোদনৰ পিছতেই এতিয়া :২২৫০ মেগাৱাট শক্তি উৎপাদনক্ষম কালাই টু জলবিদ্যুৎ প্ৰকল্প,৩০৯৭ মেগাৱাট শক্তি উৎপাদনক্ষম ইটালীন জলবিদ্যুৎ প্ৰকল্প আৰু ২০২০ মেগাৱাট শক্তি উৎপাদনক্ষম অজু জলবিদ্যুৎ প্ৰকল্প ৰ কাম আৰম্ভ কৰিবলৈ তৎপৰ হৈছে সংশ্লিষ্ট নিৰ্মাতা প্ৰতিষ্ঠান সমূহ। ইয়াৰোপৰি আপাৰ চিয়াং,লৱাৰ চিয়াং আৰু মিড'ল চিয়াঙটো তিনিটা বৃহৎ নদীবান্ধ নিৰ্মাণৰ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ।
বৃহৎ নদীবান্ধ নিৰ্মাণৰ জৰিয়তে উজনি অসমলৈ এনেদৰে গভীৰ ভয়,শংকা নমাই অনাৰ পিছত এতিয়া তৎপৰ হৈ পৰিছে জাতীয় দল সংগঠন।এনে বৃহৎ নদীবান্ধৰ বিৰোধিতাৰে :ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ কাষ চাপিছে ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক লক্ষ্যজ্যোতি গগৈ। তেখেতৰ পৰা ইতিমধ্যে সেউজ প্ৰাধিকৰণে:ডিলে পিটিশ্যন গ্ৰহণ কৰি আৰম্ভ কৰিছে শুনানি প্ৰক্ৰিয়া। উল্লেখযোগ্য যে চীন-অৰুনাচলত স্থাপন হ'বলগীয়া বৃহৎ বৃহৎ নদীবান্ধ সমূহে অসমৰ আয়ুসৰেখা স্বৰূপ: ব্ৰহ্মপুত্ৰ নদীৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনিব বুলি শংকা প্ৰকাশ কৰিছে ৰাইজৰ দলৰ নেতাগৰাকীয়ে। উদ্বেগজনক বিষয়টো হৈছে যে অৰুণাচলৰ :আপাৰ চিয়াঙত ১১ হাজাৰ মেগাৱাট শক্তি উৎপাদনক্ষম জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা কৰিছে ভাৰত চৰকাৰে। এইয়া উজনি অসমৰ জনসাধাৰণৰ বাবে হৈ পৰিছে এক অশনি সংকেত।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা