দুনী স্নাতক মহাবিদ্যালয়ৰ ৩৭ তম্ প্ৰতিষ্ঠা দিৱস উদযাপন
দৰং, ২৬ আগষ্ট (হি.স.)। পশ্চিম দৰঙৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান দুনী স্নাতক মহাবিদ্যালয়ৰ ৩৭ তম্ প্ৰতিষ্ঠা দিৱস আৰু নৱাগত আদৰণি সভা আজি (বুধবাৰে) দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। অঞ্চলটোৰ শিক্ষানুৰাগী ৰাইজৰ প্ৰচেষ্টাত ১৯৮৯ চনৰ ২৬ আগষ্টৰ দিনট
দুনী স্নাতক মহাবিদ্যালয়ৰ ৩৭ তম্ প্ৰতিষ্ঠা দিৱস উদযাপন


দৰং, ২৬ আগষ্ট (হি.স.)। পশ্চিম দৰঙৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান দুনী স্নাতক মহাবিদ্যালয়ৰ ৩৭ তম্ প্ৰতিষ্ঠা দিৱস আৰু নৱাগত আদৰণি সভা আজি (বুধবাৰে) দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। অঞ্চলটোৰ শিক্ষানুৰাগী ৰাইজৰ প্ৰচেষ্টাত ১৯৮৯ চনৰ ২৬ আগষ্টৰ দিনটোত প্ৰতিষ্ঠা হোৱা এই শিক্ষানুষ্ঠান খনি আজি পৰ্যন্ত চৰকাৰী নহল।

তথাপি গভীৰ আশাৰে মহাবিদ্যালয় খনত কৰ্মৰত প্ৰবক্তা সকলে ব্ৰতী হৈ আহিছে শিক্ষাদান কাৰ্যত। আজি অনুস্থিত প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত কেবিনেট মন্ত্ৰী নীলিমা দেৱী, দেওমৰনৈ শিক্ষক প্ৰশিক্ষণ মহাবদ্যালয়ৰ অধ্যক্ষ গীতাঞ্জলি কলিতা, জিলা পৰিষদৰ সদস্য ৰূপালী দেৱী প্ৰমুখ্যে শিক্ষাবিদ আৰু ৰাজনৈতিক ব্যক্তি উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande