
ডিব্ৰুগড়, ২৬ আগষ্ট (হি.স.)। য়নেক্স চানৰাইজ ৭৪ সংখ্যক সদৌ অসম আন্তঃজিলা বেডমিণ্টন চেম্পিয়নশ্বিপ, ২০২৬। ২৭ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰলৈকে ডিব্ৰুগড়ত।
ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তথা অসম বেডমিণ্টন সন্থাৰ তত্বাৱধানত অহা ২৭ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰলৈকে ৭৪ সংখ্যক *সদৌ অসম আন্তঃজিলা বেডমিণ্টন চেম্পিয়নশ্বিপ, ২০২৬- ৰ আয়োজন কৰা হৈছে।
আজি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়া, সাধাৰণ সম্পাদক কামাখ্যা শইকীয়াই এক সংবাদ মেলৰ জৰিয়তে জনাই যে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ নিজা আন্তঃ ক্ৰীড়া ষ্টেডিয়ামত অনুষ্ঠিত হব লগীয়া এই প্ৰতিযোগিতাত মুঠ ১৭ খন জিলাৰ দলে অংশগ্ৰহণ কৰিছে। জিলা সমূহ হৈছে - নাজিৰা, বঙাইগাঁও, নাহৰকটীয়া, ডিব্ৰুগড়, গুৱাহাটী, লখিমপুৰ, তিনিচুকীয়া, তেজপুৰ, কাৰ্বি আংলং, ধেমাজি, গোলাঘাট, শিৱসাগৰ, যোৰহাট, নলবাৰী, কামৰূপ, ৰঙিয়া আৰু নগাঁও। ১,০০০ৰো অধিক খেলুৱৈয়ে চেম্পিয়নশ্বিপখনত নাম পঞ্জীয়ন কৰিছে, যিয়ে অসমত বেডমিণ্টনৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাক প্ৰতিফলিত কৰিছে। ইয়াৰ উপৰিও, চেম্পিয়নশ্বিপৰ সৈতে সংযুক্ত কৰি পৰিচালিত হ'ব লগা ৰেফাৰী পৰীক্ষাত ৫০ জন প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ'ব। ২৭ আগষ্টৰ সন্ধিয়া অনুষ্ঠিত হবলগীয়া উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব।
চেম্পিয়নশ্বিপখনে অসমৰ বেডমিণ্টন খেলুৱৈসকলৰ বাবে এক শক্তিশালী মঞ্চ প্ৰদান কৰি অহাৰ লগতে ৰাজ্যখনৰ ক্ৰীড়া মহলক আৰু শক্তিশালী কৰি তুলিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা