
কোকৰাঝাৰ, ২৬ আগষ্ট (হি.স.)। পৰ্বতঝোৰাৰ পলাশগুৰীৰ টিপকাই নদীত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ। মাছ মাৰিবলৈগৈ নদীত সন্ধানহীন হৈছিল যুৱকজন।
আজি পানীত ওপঙি থকা অৱস্থা প্ৰত্যক্ষ কৰে মাছ মৰিয়াই। যুৱকজন আলুপাৰা ২য় খণ্ডৰ বেতবাৰীৰ দ্বীপেন হেমবর্ম বুলি চিনাক্ত কৰা হৈছে।
এছ ডি আৰ এফ বাহিনীয়ে যোৱা নিশা অভিযান চলাই যুৱকজনক উদ্ধাৰ কৰাত বিফল হৈছিল। পিছত ঘটনাস্থলীত টিপকাই আৰক্ষী উপস্থিতহৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা