
ধুবুৰী, ২৬ আগষ্ট (হি.স.): গুৱাহাটীৰ ডাম্পাৰ এছ' চিয়েনৰ সভাপতি অমিত খেতৱাত ওৰফে ৰাজ খেতৱাতক আটক কৰা হৈছে । যোৱা কালি সন্ধিয়া গোলকগঞ্জ আৰক্ষীয়ে আটক কৰে প্ৰতিষ্ঠিত ব্যাৱসায়ী অমিত খেতৱাত ওৰফে ৰাজ খেতৱাতক।
উল্লেখ্য় যে কিছুদিন পূৰ্বে গুৱাহাটীত একাংশ ব্যক্তিৰ সৈতে হতাহতিৰ অভিযোগ উঠিছিস । মহানগৰীৰ দিচপুৰ থানাত দিয়া গোচৰ নং ৫৮৭/২৬ ৰ ভিত্তিত যোৱা কালি মঙলবাৰে সন্ধিয়া গোলকগঞ্জ আৰক্ষীয়ে গোলকগঞ্জৰ নিজা বাসগৃহৰ পৰা আটক কৰে অমিত খেতৱাত ওৰফে ৰাজ খেতৱাতক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ