অলংকাৰ বজাৰত সোণৰ মূল্য হ্ৰাস, ৰূপৰ দাম অপৰিৱৰ্তিত
নতুন দিল্লী, ২৬ আগষ্ট (হি.স.)। আজিৰ আগতীয়া ব্যৱসায়ত সোণৰ মূল্য সামান্য হ্ৰাস পোৱা দেখা গৈছে। আনহাতে ৰূপৰ দাম একেৰাহে তৃতীয় দিনলৈ অপৰিৱৰ্তিত হৈ আছে। সমগ্ৰ দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ২২০ৰ পৰা ২৪০ টকাৰ ভিতৰত হ্ৰাস পাইছে
प्रतीकात्मक


নতুন দিল্লী, ২৬ আগষ্ট (হি.স.)। আজিৰ আগতীয়া ব্যৱসায়ত সোণৰ মূল্য সামান্য হ্ৰাস পোৱা দেখা গৈছে। আনহাতে ৰূপৰ দাম একেৰাহে তৃতীয় দিনলৈ অপৰিৱৰ্তিত হৈ আছে। সমগ্ৰ দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ২২০ৰ পৰা ২৪০ টকাৰ ভিতৰত হ্ৰাস পাইছে । এই মূল্য পৰিৱৰ্তনৰ বাবে সমগ্ৰ দেশৰ বেছিভাগ বুলিয়ন বজাৰতে ২৪ কেৰেট সোণৰ ব্যৱসায় প্ৰতি ১০ গ্ৰামত ১,৬৩,৮৯০ টকাৰ ভিতৰত চলি আছে। একেদৰে ২২ কেৰেটৰ সোণৰ বিক্ৰী প্ৰতি ১০ গ্ৰামত ১,৫০,০৯০ টকাৰ পৰা ১,৫০,২৪০ টকাৰ ভিতৰত বিক্ৰী হৈছে।

ৰূপৰ দাম অপৰিৱৰ্তিত হৈ থকাৰ বাবে আজিও দিল্লীৰ বুলিয়ন বজাৰত প্ৰতি কিলোগ্ৰাম এই চিকচিকিয়া ধাতুটো ২,৫৯,৯০০ টকাত বিক্ৰী হৈ আছে।

দিল্লীত আজি ২৪ কেৰেট সোণৰ মূল্য ১,৬৩,৮৯০ টকা হাৰত প্ৰতি ১০ গ্ৰামত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য ১,৫০,২৪০ টকা হাৰত প্ৰতি ১০ গ্ৰামত ৰেকৰ্ড কৰা হৈছে। দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণৰ ১০ গ্ৰামত ১,৬৩,৭৪০ টকা আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৫০,০৯০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,৬৩,৭৯০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫০,১৪০ টকা।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande