তিতাবৰত অস্ত্ৰধাৰী যুৱকৰ সন্ত্ৰাস
তিতাবৰত অস্ত্ৰধাৰী যুৱকৰ সন্ত্ৰাস ।
তিতাবৰত অস্ত্ৰধাৰী যুৱকৰ সন্ত্ৰাস


যোৰহাট, ২৬ আগষ্ট (হি.স.): যোৰহাট জিলাৰ তিতাবৰত অস্ত্ৰধাৰী যুৱকৰ সন্ত্ৰাসে চাঞ্চল্য়ৰ সৃষ্টি কৰিছে। তিতাবৰৰ বিবিজানত একেখন গাঁৱৰে ৰিজু দাস নামৰ এগৰাকী লোকক কাকু হাজৰিকা নামৰ এজন লোকে পিষ্টল দেখুৱাই গুলীই হত্যা কৰাৰ ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।

কিছুদিনৰ পূৰ্বে সন্ধিয়াৰ সময়ত কোনো কাৰণ নোহোৱাকৈ দোকানৰ সন্মুখত পিষ্টল উলিয়াই গুলী কৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰিজু দাসে ।সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তিতাবৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ৰিজু দাসে । উল্লেখনীয় যে, এজাহাৰ দাখিল কৰা কেইবাটাও দিন পাৰ হৈ যোৱাৰ পাছতো আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰিজু দাসে । ইফালে ঘটনাটোৰ পাছতে এতিয়া আতংকৰ মাজেৰে দিন পাৰ কৰিছে ৰিজু দাসে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande