
বৰপেটা, ২৬ আগষ্ট (হি.স.): বৰপেটা জিলাৰ জনীয়াৰ ৰছুলপুৰত বেঁকী নৈৰ তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি হৈছে । গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ । গৰাখহনীয়াৰ কৱলত পৰি শ শ বিঘা কৃষিভূমি, বহু লোকৰ ঘৰ-দুৱাৰ জাহ গৈছে । ইয়াৰ ফলত আতংকিত হৈ পৰিছে ৰছুলপুৰ বাসী ৰাইজ । শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে ।
উল্লেখ্য় যে জনীয়াৰ ৰছুলপুৰত বেকী নৈৰ গৰাখহনীয়াই ধাৰণ কৰিছে কালৰূপ । চপৰা চপৰে খহাই নিছে কৃষকৰ কৃষিভূমি। ধান, মৰাপাট, খেতি নৈৰ গৰ্ভত বিলীন উছন হোৱাৰ উপক্ৰম হৈছে । গৰাখহনীয়াগ্ৰস্থ ৰাইজে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ । অতি শীঘ্ৰে জিলা প্ৰশাসন, চৰকাৰ তথা স্থানীয় বিধায়কক বিজ্ঞান সন্মত ভাৱে বেঁকী নৈৰ খহনীয়া প্ৰতিৰোধৰ আহ্বান জনায় ৰাইজে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ