
গুৱাহাটী, ২৬ আগষ্ট (হি.স.)। বানাক্ৰান্ত আৰু গৃহহীন লোকৰ বাবে যথেষ্ট সকাহ পোৱাৰ খবৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমত ৩.৮ লাখৰো অধিক নতুন ঘৰ নিৰ্মাণ হ’ব। ৰাজ্যত প্ৰায় ৫,০০০ কোটি টকাৰ বিনিয়োগ কৰা হ’ব।
এই পদক্ষেপে বানপানী আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত বহু সংখ্যক পৰিয়ালক স্থায়ী বাসস্থান প্ৰদান কৰাত সহায় কৰিব।
ইয়াৰ উপৰিও কৃষি খণ্ডৰ উন্নয়নৰ বাবে অসমে অতিৰিক্ত ১৩৯ কোটি টকাৰ সাহায্য লাভ কৰিব।
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে এই বিষয়সমূহ সন্দৰ্ভত এক বৈঠকত মিলিত হয়। সভাত গৃহ নিৰ্মাণ, কৃষি উন্নয়ন, বানপীড়িত লোকসকলৰ বাবে সাহায্যৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়।
/ আলোক চক্ৰৱৰ্তী