বানাক্ৰান্তক লৈ ৰাজনীতি কৰিছে অখিল গগৈয়ে: ড০ দেৱজিৎ মহন্ত
-বানাক্রান্তক সাহার্য দিবৰ বাবে ধন বিছৰা অখিল গগৈয়ে সভা পাতিবলৈ ধন ক''ত পালে -শিৱসাগৰৰ বৰ্ডিং সভাত খৰচ কৰা ধন বানাক্ৰান্তক দিব পাৰিলেহে''তেনঃ ড০ দেৱজিৎ মহন্ত গুৱাহাটী, ২৬ আগষ্ট (হি.স.)। যোৱাকালি অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলে শিৱসাগৰৰ বৰ্ডিং খেলপ
এক সংবাদমেল সম্বোধন বিজেপিৰ মুখপাত্ৰ ড০ দেৱজিৎ মহন্তৰ


-বানাক্রান্তক সাহার্য দিবৰ বাবে ধন বিছৰা অখিল গগৈয়ে সভা পাতিবলৈ ধন ক'ত পালে

-শিৱসাগৰৰ বৰ্ডিং সভাত খৰচ কৰা ধন বানাক্ৰান্তক দিব পাৰিলেহে'তেনঃ ড০ দেৱজিৎ মহন্ত

গুৱাহাটী, ২৬ আগষ্ট (হি.স.)। যোৱাকালি অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত এক লাখ মানুহ গোটাই সভা অনুষ্ঠিত কৰিছে বুলি দাবী কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। আজি ভাৰতীয় জনতা পার্টি ৰাজ্যিক কাৰ্যালয়ৰ পৰা সম্বোধিত সংবাদমেল যোগে মুখপাত্র ড০ দেৱজিৎ মহন্তই অখিল গগৈক শিৱসাগৰৰ বৰ্ডিং সভা সন্দর্ভত মুকলি প্রশ্ন উত্থাপন কৰি অখিল গগৈক উত্তৰ দিয়াৰ আহ্বান জনায়। বান সাহাৰ্যৰ বাবে দেশ-বিদেশৰ লোকক ভিক্ষা খোজা অখিল গগৈয়ে মিটিং পাতিবলৈ পইচা কৰ পৰা পালে।

বিধায়ক অখিল গগৈৰ ভাষ্য মতে বানাক্ৰান্ত শিৱসাগৰ বাসী ভোকত আছে। তেনে অৱস্থাত বানাক্রান্ত লোকে ৰাইজৰ দলক সভা পাতিবলৈ ধনেৰে সহায় কৰিবনে? সভা পতাৰ বাবে ৰাইজৰ দলৰ ভাষ্য মতে খৰচ কৰা ১ কোটি টকা দেশ-বিদেশৰ পৰা বিভিন্নজনে বানাক্ৰান্তক সহায়ৰ বাবে আগবঢ়োৱা ধনৰ পৰা খৰচ কৰা নাইটো আৰু যদি কৰিছে তেনেহ'লে বান সাহাৰ্যৰ বাবে ধন আগবঢ়োৱা ব্যক্তিসকলৰ বিশ্বাসৰ প্রতি বিশ্বাসঘাটকতা কৰা নাইনে? সভা পাতিবলৈ গটোৱা মানুহখিনি সভা পতাৰ পৰিৱৰ্তে বানাক্ৰক্রান্ত অঞ্চলত শ্রমদানো কৰিব পাৰিলেহে'তেন নতুবা সভাৰ বাবে খৰচ কৰা ধনখিনি বানাক্ৰান্তক সহায়ৰ বাবে আগবঢ়াব পাৰিলেহে'তেন। বানপানীত আক্রান্ত লোকে নিজৰ ঘৰ-বাৰী থান-থিত লগোৱা বাদ দি সভালৈ নাহে, তেনেহ'লে প্রশ্ন হয় সভালৈ অহা মানুহখিনি ক'ৰ মানুহ। আমি পোৱা তথ্য মতে এইখিনি মানুহ ৰাইজৰ দলে বাছেৰে শিৱসাগৰৰ বাহিৰৰ বিভিন্ন জিলাৰপৰা আনিছে যিসকল লোক প্রকৃততে বানাক্রান্ত নহয়। মুখপাত্র ড০ মহন্তই অখিল গগৈক এয়া ৰাজনীতি কৰাৰ সময় নহয়, এয়া সময় বানাক্ৰান্তৰ ওচৰত থিয় হৈ বানাক্ৰান্তৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱা সময় বুলি দোহাৰে।

সংবাদমেলত ড০ মহন্তই মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শিৱসাগৰৰ বানাক্রান্ত অঞ্চল পৰিভ্ৰমণকলৈ বিধায়ক অখিল গগৈয়ে কৰা মন্তব্যই বিধায়কগৰাকীৰ মিথ্যাচাৰক উদঙাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰাৰ সময়ত অখিল গগৈ ডাঙৰীয়াই নিজে কৈছিল এনেকুৱা পানীত জপিয়াই যাবপৰা মুখ্যমন্ত্রী মই দেখাই নাই আজিলৈকে? এইটো বহু ডাঙৰ কথা, মই ক্রেডিট দিবই লাগিব মুখ্যমন্ত্রীক আৰু এতিয়া এইগৰাকী বিধায়ক অখিল গগৈয়ে বিভিন্ন মাধ্যমত ভাষ্য ৰাখিছে মই মুখ্যমন্ত্রীক ইচ্ছা কৰিয়েই দ' পানীলৈকে লৈ গৈছো, মই মুখ্যমন্ত্রীক পানীত নমাই ৰং চাইছো। এই কথাৰ উদ্ধৃতিৰে মুখপাত্র ড০ মহন্তই বিধায়ক অখিল গগৈ ডাঙৰীয়াক সংবাদমেলযোগে প্রশ্ন কৰিছে তেখেতৰ উদ্দেশ্য আৰু অভিপ্রায় কি? মাননীয় মুখ্যমন্ত্রীক দ' পানীলৈ নমাই দি মৃত্যুৰ মুখলৈ ঠেলি দিব খুজিছিল নেকি? অখিল গগৈৰ ব্যৱহাৰৰ ওপৰতো প্রশ্ন উত্থাপন কৰিছে মুখপাত্র ড০ মহন্তই। অখিল গগৈয়ে শিৱসাগৰৰ আয়ুক্তগৰাকীক কৰা ব্যৱহাৰ লগতে যোৱা কিছুদিনত বিভিন্ন সভা-সমিতিত যিদৰে মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াক আঙুলী টোৱাই মই হিমন্তক কৈছো, মই হিমন্তক পানীত নমাইছো, মই হিমন্তক পানীত নমাই ৰং চাইছো” এনেধৰণৰ এগৰাকী বিধায়ক হিচাপে অখিল গগৈৰ মুখত এনেধৰণৰ কথা শোভা পাইনে? ইয়াৰ আগতেও ২০১৫ চনত কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি হৈ থকা সময়ত অখিল গগৈয়ে পাৱাৰ গ্রিড কৰ্পাৰেচনৰ অফিচলৈ গৈ এগৰাকী পাৱাৰ গ্ৰিডৰ প্ৰৱন্ধকক চৰিয়াম বুলি কয় অপব্যৱহাৰ কৰিছিল। ড০ মহন্তই কয় যে এনে ব্যৱহাৰ কোনোপধ্যেই গ্রহণযোগ্য নহয়। ভাৰতীয় জনতা পার্টিয়ে এনেধৰণৰ ব্যৱহাৰক তীব্ৰ গৰিহণা জনাইছে আৰু বানপীড়িতক লৈ ৰাজনীতি নকৰিবলৈ কঠোৰভাৱে সকিয়াই দিছে।

লগতে অখিল গগৈয়ে শিৱসাগৰৰ বৰ্ডিং সভাত ৰাইজক উচতাই ঋণৰ কিস্তি বেংকক ওভতাই নিদিবৰ বাবে যি শপত বাক্য পাঠ কৰাইছে তাৰ জৰিয়তে অখিল গগৈয়ে যেন বাঃ বাঃ ল'ব বিছাৰিছে সেয়াই প্রতিফলিত হয় বুলি সংবাদমেলত ড০ মহন্তই কয়। এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াই ৭ আগষ্টত সম্বোধন কৰা সংবাদমেল যোগে ঘোষণা কৰিছিল শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাটৰ বানক্ষতিগ্রস্ত পৰিয়ালে ১৯ জুলাইৰ পৰা অনাগত ৬ মাহলৈকে ঋণৰ কিস্তি পৰিশোধ কৰিব নালাগে। এই ঘোষণাৰ পিছত বিধায়ক অখিল গগৈয়ে ঋণৰ কিস্তি ঘুৰাই নিদিবৰ বাবে শিৱসাগৰৰ বৰ্ডিং সভাত লোৱা শপত বাক্যৰ প্রয়োজনীয়তা আছিলনে?

১৯ জুলাইত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটত অনাকাংক্ষিত আৰু অস্বাভাৱিক বানপানীৰ পিছত বিধায়ক অখিল গগৈয়ে সম্বোধন কৰা সংবাদমেলত বানপানীৰ কাৰণ হিচাপে উনুকিয়াইছিল নাগালেণ্ডৰ মন জিলাত দিখৌ হাইড্রইলেকট্রিক প্রজেক্টৰ পৰা খুলি দিয়া পানী আৰু নাগিনীমৰা অঞ্চলত সংঘটিত অবৈধ কয়লা খনন। সংবাদমেলত ড০ মহন্তই উনুকিয়াই যে মন জিলাত কোনো জলবিদ্যুৎ প্রকল্প নাই। গতিকে দিখৌৰ পৰা পানী খুলি দিয়া কথা সম্পূর্ণ ভিত্তিহীন। অবৈধ কয়লা খনন সন্দৰ্ভত ৰাইজৰ দলৰ মুখপাত্র মানস কোঁৱৰৰ ভাইৰেল হোৱা অডিঅ ক্লিপে প্রমাণিত কৰে যে ৰাইজৰ দল অবৈধ কয়লা খননৰ সৈতে জড়িত। শেষত সংবাদমেল যোগে ড০ মহন্তই অখিল গগৈ আৰু ৰাইজৰ দলক সকিয়াই দিয়ে যে এয়া সময় বানাক্ৰান্তৰ ওচৰত থিয় হৈ বানাক্ৰান্তৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱাৰ, বানাক্ৰান্তক লৈ ৰাজনীতি কৰা নহয়। নহ'লে কাইলৈ ৰাইজৰ দলে সম্মুখীন গণৰোষৰ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande