বৰচাপৰি চাহ বাগিচাত ঘৰত গছ বাগৰি গুৰুতৰভাৱে আহত শিশুসহ পাঁচ জনকৈ লোক
গোলাঘাট, ২৬ আগষ্ট (হি.স.)। ৰাখে হৰি মাৰে কোনে ৷ কথমপি প্ৰাণৰক্ষা অটি কণমানি শিশু, দুগৰাকী মহিলাসহ পাঁচজন লোক । বোকাখাত সমজিলাৰ বৰচাপৰি চাহ বাগিচাৰ ৬ নম্বৰ লাইনত অঘটন । বাগিচাৰ শ্ৰমিকৰ ঘৰত বৃহৎ গছ বাগৰি পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শিশুসহ পাঁচ জনকৈ
বৰচাপৰি চাহ বাগিচাত ঘৰত গছ বাগৰি গুৰুতৰভাৱে আহত শিশুসহ পাঁচ জনকৈ লোক


গোলাঘাট, ২৬ আগষ্ট (হি.স.)। ৰাখে হৰি মাৰে কোনে ৷ কথমপি প্ৰাণৰক্ষা অটি কণমানি শিশু, দুগৰাকী মহিলাসহ পাঁচজন লোক । বোকাখাত সমজিলাৰ বৰচাপৰি চাহ বাগিচাৰ ৬ নম্বৰ লাইনত অঘটন । বাগিচাৰ শ্ৰমিকৰ ঘৰত বৃহৎ গছ বাগৰি পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শিশুসহ পাঁচ জনকৈ লোক । গছ বাগৰি পৰাৰ ফলত নষ্ট হয় ঘৰৰ সকলো সামগ্ৰী ।

বৰচাপৰি চাহ বাগিচাৰ ৬ নং লাইনৰ সুমিত্ৰা সিং নামৰ শ্ৰমিকগৰাকীৰ বাসগৃহত গছ বাগৰি পৰাত মহিলা সহ এটি কনমানি শিশু আবদ্ধ হৈ পৰিছিল ধ্বংসস্তুপৰ মাজত । স্থানীয় শ্ৰমিকৰ তৎপৰতাত তিনিওকে উদ্ধাৰ কৰি বাগিচাৰ চিকিৎসালয়লৈ পঠিয়াই যদিও আঘাত গুৰুতৰ হোৱা বাবে আঘাতপ্ৰাপ্ত কেইজনকে বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে বাগিচা কৰ্তৃপক্ষই । আনহাতে উদ্ধাৰৰ সময়ত দুজন স্থানীয় লোক আঘাতপ্ৰাপ্ত প্ৰাপ্ত হোৱাত পাঁচ জনকে বোকাখাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আকস্মিক এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande