

হায়দৰাবাদ (তেলেংগানা), ২৬ আগষ্ট (হি.স.)। তেলেংগানাৰ সূৰ্যপেট জিলাত বুধবাৰে পুৱা প্ৰায় ৪:৩০ বজাত এখন ব্যক্তিগত বাছে লোহাৰ ৰড ভৰ্তি কণ্টেইনাৰত খুন্দা মৰাত ৫ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ২০ জন গুৰুতৰভাৱে আহত হয়।
হায়দৰাবাদ-বিজয়াৱাড়া ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। ৪২ জন যাত্ৰী কঢ়িয়াই অনা ব্যক্তিগত বাছখন হায়দৰাবাদৰ পৰা অন্ধ্ৰপ্ৰদেশৰ এলুৰুলৈ গৈ আছিল। আৰক্ষীয়ে জনোৱা মতে, বাছখনে লোহাৰ ৰড ভৰ্তি কণ্টেইনাৰখনৰ পিছফালে সংঘৰ্ষত লিপ্ত হয়। সংঘৰ্ষৰ পিছত বাছখনৰ ভিতৰত হাহাকাৰ আৰু হুলস্থুলৰ সৃষ্টি হয়।
আৰক্ষীয়ে জনোৱা মতে, বাছখনৰ পৰা আহত আৰু আবদ্ধ যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ এঘণ্টাৰো অধিক সময় লাগিছিল। ততাতৈয়াকৈ আহতসকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
এই দুৰ্ঘটনাৰ ফলত হায়দৰাবাদ-বিজয়াৱাড়া ৰাষ্ট্ৰীয় ঘাইপথত ব্যাপক যান-জঁটৰ সৃষ্টি হয়।
তেলেংগানাৰ মুখ্যমন্ত্ৰী এ. ৰেৱন্থ ৰেড্ডীয়ে দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ মুখ্য সচিবক আহতসকলৰ চিকিৎসাৰ ক্ষেত্ৰত অবহেলা নকৰিবলৈ নিৰ্দেশ দিয়ে।
--------
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া