ধেমাজিত পানীত পৰি কিশোৰ সন্ধানহীন
ধেমাজি, ২৫ আগষ্ট (হি.স.)। ধেমাজিত পানীত পৰি কিশোৰ সন্ধানহীন। ধেমাজি জিলাৰ বৰদলনি আৰক্ষী চকীৰ অন্তৰ্গত মাইচা গাৱঁত আজি দুপৰীয়া ৰঙাজান সুঁতিৰ বোৱতী পানীত পৰি এটা ১২ বছৰীয়া কিশোৰ সন্ধানহীন হয়৷ কিশোৰটোৰ নাম সুৰজিত শইকীয়া বুলি জানিবপৰা গৈছে৷ স্থানীয় ৰাই
ধেমাজিত পানীত পৰি কিশোৰ সন্ধানহীন


ধেমাজি, ২৫ আগষ্ট (হি.স.)। ধেমাজিত পানীত পৰি কিশোৰ সন্ধানহীন। ধেমাজি জিলাৰ বৰদলনি আৰক্ষী চকীৰ অন্তৰ্গত মাইচা গাৱঁত আজি দুপৰীয়া ৰঙাজান সুঁতিৰ বোৱতী পানীত পৰি এটা ১২ বছৰীয়া কিশোৰ সন্ধানহীন হয়৷ কিশোৰটোৰ নাম সুৰজিত শইকীয়া বুলি জানিবপৰা গৈছে৷ স্থানীয় ৰাইজ আৰু দুৰ্যোগ প্ৰশমন বাহিনীয়ে ৰঙাজান সূঁতিত কিশোৰ জনৰ সন্ধানত অভিযান চলাই আছে যদিও বৰ্তমানলৈ কিশোৰজন উদ্ধাৰ হোৱা নাই৷

স্থানীয় ৰাইজে জনোৱা অনুসৰি বাইচাইকেলেৰে অহা সুৰজিতে কালভাৰ্টৰ দাঁতিত ৰ’বলৈ লোৱাৰ সময়তে কালভাৰ্টৰ পৰা দুৰ্ভাগ্যজনক ভাৱে পিচলি নদীৰ সূঁতিটোত পৰি যোৱাত উক্ত দুৰ্ঘটনাতো সংঘটিত হয়৷

ইফালে সুঁতিটোৰ কাষত কিশোৰ জনৰ বাইচাইকেল খন উদ্ধাৰ হৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande