গোসাঁইগাঁৱত বিপিএফৰ প্ৰয়াত প্ৰাক্তন এমচিএলৰ স্মৃতিত মৌন প্ৰাৰ্থনা আৰু শ্ৰদ্ধাঞ্জলি
কোকৰাঝাৰ, ২৫ আগষ্ট (হি.স.)। গোসাঁইগাঁৱত বিপিএফৰ প্ৰাক্তন এমচিএলএ বক্তাৰ আলী আহমেদৰ স্মৃতিত মৌন প্ৰাৰ্থনা আৰু শ্ৰদ্ধাঞ্জলি। বিপিএফৰ প্ৰাক্তন এমচিএলএ আৰএমচি''ৰ প্ৰতিষ্ঠাপক সভাপতি মোঃ বক্তাৰ আলী আহমেদৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি আজি পুৱা ১১ বজাত গোসাঁ
গোসাঁইগাঁৱত বিপিএফৰ প্ৰয়াত প্ৰাক্তন এমচিএলৰ স্মৃতিত মৌন প্ৰাৰ্থনা আৰু শ্ৰদ্ধাঞ্জলি


কোকৰাঝাৰ, ২৫ আগষ্ট (হি.স.)। গোসাঁইগাঁৱত বিপিএফৰ প্ৰাক্তন এমচিএলএ বক্তাৰ আলী আহমেদৰ স্মৃতিত মৌন প্ৰাৰ্থনা আৰু শ্ৰদ্ধাঞ্জলি। বিপিএফৰ প্ৰাক্তন এমচিএলএ আৰএমচি'ৰ প্ৰতিষ্ঠাপক সভাপতি মোঃ বক্তাৰ আলী আহমেদৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি আজি পুৱা ১১ বজাত গোসাঁইগাঁৱৰ বিপিএফ ব্লক কাৰ্যালয়ত এক মৌন প্ৰাৰ্থনা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।

উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰী, দতমা সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী, যমদুৱাৰ সমষ্টিৰ এমচিএলএ উইলিয়াম নাৰ্জাৰী, গোসাঁইগাঁও সমষ্টিৰ বিধায়ক শোভাৰাম বসুমতাৰী, কাৰ্যবাহী সদস্য মৃত্যুঞ্জয় নাৰ্জাৰী, বিপিএফৰ গোসাঁইগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক বিল্লা কুমাৰ ব্ৰহ্মকে ধৰি দলৰ বিভিন্ন নেতা, কৰ্মী আৰু বিষয়ববীয়া সকল উপস্থিত থাকে।

অনুষ্ঠানত উপস্থিত সকলোৱে প্ৰয়াত নেতা বক্তাৰ আলী আহমেদৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি মৌন প্ৰাৰ্থনাৰে বিদ্বেহী আত্মাৰ চিৰশান্তি কামনা কৰে। লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি এই কঠিন সময়ত পৰিয়ালটোৰ প্ৰতি সমবেদনা প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande