
তিনিচুকীয়া, ২৫ আগষ্ট (হি.স.)। অসম মৰাণ সভাৰ 'গাৱঁলৈ যাওঁ' কাৰ্যসূচীৰ শুভাৰম্ভ।
অসম মৰাণ সভাৰ কেন্দ্ৰীয় সমিতিয়ে হাতত লোৱা ’গাৱঁলৈ যাওঁ’ কাৰ্যসূচীৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ’ল বৌদ্ধিক, শৈক্ষিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশত মৰাণ জনগোষ্ঠীৰ ৰাইজক আগবঢ়াই নিয়াৰ লগতে ৰাইজৰ সমস্যাৰ বুজ লৈ চৰকাৰৰ লগত আলোচনা কৰি জনগোষ্ঠীটোৰ সৰ্বাংগীন উন্নয়ন সাধন কৰা।
কাকপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত বৰালি গাঁৱত কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।
অনুষ্ঠানত অসম মৰাণ সভাৰ সভাপতি বিৰিঞ্চি নেওঁগ, সম্পাদক ৰন্টু ডাঙৰীয়াৰ উপৰি কেন্দ্ৰীয় আৰু আঞ্চলিক সমিতিৰ একাধিক বিষয়ববীয়া উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু