
কামৰূপ, ২৫ আগষ্ট (হি.স.)। ৰঙিয়াৰ দিন দুপৰতে চুৰি কাণ্ড।
দিনৰ ভাগতে চিনেমাৰ ষ্টাইলত ছানগ্লাছ পিন্ধি সোমাল দুই দুৰ্বৃত্ত। ৰঙিয়াৰ মূৰাৰাত সংঘটিত হৈছে এই চুৰি কাণ্ড, ঘৰৰ দৰ্জা ভাঙি দুৰ্বৃত্তই লৈ গ'ল আইফোন ১৭ , দুটাকৈ লেপটপ আৰু এখন ড্ৰোণ, ৰঙিয়াৰ সমাজকৰ্মী প্ৰদীপ কাকতিৰ ঘৰত সংঘটিত হৈছে এই চুৰি কাণ্ড, চিচিটিভি ত বন্ধি হৈছে দুৰ্বৃত্তৰ গতিবিধি, ইতিমধ্যে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু