জম্মু-কাশ্মীৰৰ পুলৱামাত আটক দুই সন্ত্ৰাসবাদী সহযোগী
পুলৱামা, ২৫ আগষ্ট (হি.স.)। দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাত মঙলবাৰে নিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন সন্ত্ৰাসবাদী সহযোগীক। ৰাজপোৰাৰ চিবি নাথ অঞ্চলৰ য়াৰৱান বনাঞ্চলত যৌথ অভিযানত এটা পিষ্টল, ১২ জাঁই গুলী আৰু এটা হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰে। এজন আৰক্ষী
জম্মু-কাশ্মীৰৰ পুলৱামাত আটক দুই সন্ত্ৰাসবাদী সহযোগী


পুলৱামা, ২৫ আগষ্ট (হি.স.)। দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাত মঙলবাৰে নিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন সন্ত্ৰাসবাদী সহযোগীক। ৰাজপোৰাৰ চিবি নাথ অঞ্চলৰ য়াৰৱান বনাঞ্চলত যৌথ অভিযানত এটা পিষ্টল, ১২ জাঁই গুলী আৰু এটা হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰে।

এজন আৰক্ষী বিষয়াই জনোৱা মতে, সন্দেহযুক্ত সন্ত্ৰাসবাদী সহযোগীৰ চলাচল সম্পৰ্কীয় চোৰাংচোৱাৰ ভিত্তিত পুলৱামা আৰক্ষীয়ে সেনাৰ ৪৪ ৰাষ্ট্ৰীয় ৰাইফল আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১৮৩ নং বেটেলিয়নৰ সৈতে এই অভিযান চলাইছিল। তেওঁ উল্লেখ কৰে যে অনুসন্ধান অভিযানৰ সময়ত যুটীয়া দলটোৱে সন্দেহজনক পৰিস্থিতিত বনাঞ্চলৰ পৰা চিবি নাথ গাঁৱৰ কাষ চাপি অহা দুজন ব্যক্তিক পৰ্যবেক্ষণ কৰে। লগে লগে নিৰাপত্তাৰক্ষীয়ে বাধা দি আটক কৰে। পিছত লাছি ডাবানৰ নিৱাসী গুলাম মহম্মদ দিদাৰৰ পুত্ৰ লতিফ আহমেদ দিদাৰ আৰু বুন খা বামুনুৰ নাজিৰ আহমেদ বাজাদৰ পুত্ৰ আইজাজ আহমেদ বাজাদ বুলি জানিব পৰা গৈছে।

অস্ত্ৰ আইন আৰু অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ প্ৰাসংগিক ধাৰাত ৰাজপোৰা থানাত গোচৰ ৰুজু কৰি অধিক তদন্ত আৰম্ভ কৰা হৈছে বুলিও তেওঁ কয়।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande