
কামৰূপ, ২৫ আগষ্ট (হি.স.)। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ নিকতৱৰ্তী ননৰা বৰবকুলতল বুঢ়াডাঙৰীয়া থানত যোৱা কালি সোমবাৰে নিশা চুৰি কাণ্ডৰ ঘটনা সংঘটিত হয় । থানখনৰ পৰা
পাঁচটাকৈ টিলিঙা চোৰে চোৰ কৰি নিয়ে ।
উল্লেখ্য যে দুদিন পুৰ্বে ননৰা গাঁৱৰ অন্য মন্দিৰ দুটাৰ পৰাও পূজাত প্ৰয়োজনীয় কাহ পিতলৰ বাচন চোৰ হয়। এনেদৰে প্ৰায়ে অঞ্চলটোত চুৰি কাৰ্য সংঘটিত হৈ থাকে। এই ক্ষেত্ৰত আজি মন্দিৰ পৰিচালনা সমিতিয়ে বাইহাটা চাৰিআলি আৰক্ষী থানাত অৱগত কৰে আৰু উচিত তদন্ত বিচাৰে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা