বন্যহস্তীৰ উপদ্ৰৱত দিশহাৰা তামুলপুৰৰ ভূটান সীমান্তৰ হাতীডুবা, শশীপুৰ অঞ্চলৰ একাংশ কৃষক ৰাইজ
তামুলপুৰ, ২৫ আগষ্ট (হি.স.)। বন্যহস্তীৰ উপদ্ৰৱত দিশহাৰা তামুলপুৰৰ ভূটান সীমান্তৰ হাতীডুবা, শশীপুৰ অঞ্চলৰ একাংশ কৃষক ৰাইজ। নিশাৰ ভিতৰতে খাই তহিলং বিভিন্ন শস্যৰ বাগান। শশীপুৰৰ প্ৰগতিশীল খেতিয়ক তুলাপ্ৰসাদ শৰ্মাৰ ১০ বিঘাৰ কৃষি ফাৰ্মত হাতীৰ বৃহৎ জাকে প
বন্যহস্তীৰ উপদ্ৰৱত দিশহাৰা তামুলপুৰৰ ভূটান সীমান্তৰ হাতীডুবা, শশীপুৰ অঞ্চলৰ একাংশ কৃষক ৰাইজ


তামুলপুৰ, ২৫ আগষ্ট (হি.স.)। বন্যহস্তীৰ উপদ্ৰৱত দিশহাৰা তামুলপুৰৰ ভূটান সীমান্তৰ হাতীডুবা, শশীপুৰ অঞ্চলৰ একাংশ কৃষক ৰাইজ। নিশাৰ ভিতৰতে খাই তহিলং বিভিন্ন শস্যৰ বাগান।

শশীপুৰৰ প্ৰগতিশীল খেতিয়ক তুলাপ্ৰসাদ শৰ্মাৰ ১০ বিঘাৰ কৃষি ফাৰ্মত হাতীৰ বৃহৎ জাকে পকী দেৱাল ভাঙি প্ৰৱেশ কৰি প্ৰায় ১৫০ টা নাৰিকল, ২০০ জোপা কলগছ, শিমলু আলু, কুঁহিয়াৰ, অমিতা, আনাৰস আৰু তামোল খেতি তহিলং কৰে।

অঞ্চলটোৰ আন এজন কৃষক চন্দ্ৰ বিশ্বাসে লীজত লৈ কৰা ৪ বিঘা ধাননি পথাৰ হাতীয়ে সম্পূৰ্ণৰূপে খাই-গছকি নষ্ট কৰে।ক্ষতিগ্ৰস্ত দুয়োটা পৰিয়ালে উচিত ক্ষতিপূৰণ আৰু হাতী খেদাৰ স্থায়ী ব্যৱস্থাৰ দাবী জনাইছে।ইয়াৰে ক্ষতিগ্ৰস্ত তুলাপ্ৰসাদৰ পৰিয়ালে উক্ত খেতিৰ পৰা বছৰি প্ৰায় ৩ লাখ টকা উপাৰ্জন কৰিছিল বুলি জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande