

যোৰহাট, ২৫ আগষ্ট (হি.স.)। উজনি অসমৰ বান বিভীষিকাৰ মাজতো ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে যোৰহাটৰ জানমণি কোঁৱৰে । যোৰহাট জিলাৰ একেবাৰে ভিতৰুৱা অঞ্চলৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত এই সফলতা লাভ কৰা জানমণিক সম্বৰ্ধনা জনালে টাই আহোম যুৱ পৰিষদ, অসমৰ এটি সজাতি দলে। সংগঠনটোৰ সাধাৰণ সম্পাদক গুণকান্ত গগৈৰ নেতৃত্বত যোৱা দলটোৱে জানমণিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতৰ খেলৰ যাত্ৰাত সদায় কাষত থকাৰ আশ্বাস প্ৰদান কৰে।
উল্লেখ্য যে, শেহতীয়াকৈ উজনি অসমত হোৱা ভয়ংকৰ বানত সৰ্বস্বান্ত হৈছিল জানমণি কোঁৱৰৰ পৰিয়াল। বানৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছিল পৰিয়ালটোৱে । এনে প্ৰতিকূল পৰিস্থিতিৰ মাজতো জানমণিৰ এই সাফল্যই বিশেষ চৰ্চা লাভ কৰিছে।
ভৱিষ্যতে জানমণিক উন্নত প্ৰশিক্ষণ আৰু খেলাৰ উপযুক্ত সুবিধা প্ৰদান কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায় টাইপাৰ সম্পাদক গুণকান্ত গগৈয়ে।
ইফালে, সংকটৰ সময়ত জানমণিৰ পৰিয়ালক সহায় আৰু সাহস প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু ফিজিক্সৱালাৰ অলক পাণ্ডেকো ধন্যবাদ জ্ঞাপন কৰে গুণকান্ত গগৈয়ে।
---------------
হিন্দুস্থান সমাচাৰ / Narayan Kar