লক্ষীপুৰত নদীপথেৰে গৰু সৰবৰাহৰ চেষ্টা, ২০টা গৰুসহ ৩জন আটক
লক্ষীপুৰত নদীপথেৰে গৰু সৰবৰাহৰ চেষ্টা, ২০ গৰুসহ ৩জন আটক।
লক্ষীপুৰত নদীপথেৰে গৰু সৰবৰাহৰ চেষ্টা, ২০টা গৰুসহ ৩জন আটক


গোৱালপাৰা, ২৫ আগষ্ট (হি.স.): গোৱালপাৰা জিলাৰ লক্ষীপুৰত কালি নিশা নদীপথেৰে গৰু সৰবৰাহৰ চেষ্টা চলোৱাৰ সময়ত ২০টা গৰুসহ ৩জন লোকক আটক কৰা হৈছে । গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে লক্ষীপুৰ আৰক্ষীয়ে অভিযান চলায় । গোপন সূত্ৰৰ পম খেদি নদীপথত অভিযান চলাই ২০টাকৈ গৰুসহ তিনিজন সন্দেহযুক্ত গৰু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ।

গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু জলেশ্বৰ আৰক্ষীৰ যৌথ অভিযানত গোৱালপাৰা আৰু ধুবুৰী জিলাৰ সীমান্তৱৰ্তী নদীপথত চলোৱা হৈছিল এই অভিযান। আৰক্ষীৰ তথ্য অনুসৰি, এখন যন্ত্ৰচালিত নাৱেৰে ২০টা গৰু সৰবৰাহ কৰি নিয়াৰ সময়তে আৰক্ষীয়ে অভিযান চলাই গৰুসমূহ উদ্ধাৰ কৰাৰ লগতে তিনিজন লোকক আটক কৰে। আটকাধীন লোককেইজন ক্ৰমে— ইচুপ আলী, আনিছুৰ ৰহমান আৰু ময়নাল হক।আৰক্ষীয়ে গৰুসমূহ জব্দ কৰি আটকাধীন তিনিওজনকে সোধা-পোছা অব্যাহত ৰাখিছে। গৰুসমূহ ক’ৰ পৰা অনা হৈছিল আৰু ক’লৈ সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল, সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । নদীপথেৰে গৰু সৰবৰাহৰ এই ঘটনাই সীমান্তৱৰ্তী অঞ্চলত পুনৰ আৰক্ষীৰ তৎপৰতাক স্পষ্ট কৰি তুলিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande