বৰপেটা জিলাৰ কলগাছিয়াৰ শিক্ষা ব্যৱস্থাৰ এক ভয়াৱহ ছবি
৮০ ছাত্ৰছাত্ৰীৰ বিপৰীতে এজন শিক্ষক৷ ছাত্ৰই পঢ়োৱাইছে ছাত্ৰক৷
বৰপেটা জিলাৰ কলগাছিয়াৰ শিক্ষা ব্যৱস্থাৰ এক ভয়াৱহ ছবি


বৰপেটা, ২৫ আগষ্ট (হি.স.): বৰপেটা জিলাৰ কলগাছিয়াৰ ৰূপসী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তগৰ্ত ১৬৭২ নং হালধীয়া ৰিজাৰ্ভ ছোৱালী প্ৰাথমিক বিদ্যালয়ত এতিয়া শিক্ষাৰ্থীসকলৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । বিদ্য়ালয়খনত ৮০ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে মাত্ৰ এজন শিক্ষক। দুটা শ্ৰেণীকোঠাত চলিছে ৫ টাকৈ শ্ৰেণীৰ পাঠদান।

এফালে এজন শিক্ষকে ৫ টা শ্ৰেণীৰ লগতে ৮০ জন ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাব লগা হোৱাত পাঠদানত চৰম ব্যাঘাতে দেখা দিছে । বহু সময়ত ডাঙৰ শ্ৰেণীৰ ছাত্ৰই সৰু শ্ৰেণীৰ ছাত্ৰক পঢ়াব লগা হৈছে । অৰ্থাৎ ছাত্ৰই পঢ়াইছে ছাত্ৰক। শিক্ষক বিচাৰি বিদ্যালয়ৰ তৰফৰ পৰা, বাৰে বাৰে শিক্ষা বিভাগক অৱগত কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । শিক্ষক নিযুক্তিৰ নামত কেৱল আশ্বাসহে পাইছে । এই অৱস্থাত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰৰ দিশে গতি কৰিছে । শীঘ্ৰে বিদ্যালয়খনত পৰ্যাপ্ত শিক্ষক নিযুক্তিৰ লগতে আন্তঃগাঁথনি উন্নয়নৰ বাবে শিক্ষা বিভাগৰ দৃষ্টি গোচৰ কামনা কৰিছে শিক্ষা সচেতন মহলে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande