ধুবুৰীত পানীৰ অভাৱত মৰহিছে বিঘাই বিঘাই শালি ধান
পানীৰ অভাৱত মৰহিছে বিঘাই বিঘাই শালি ধান, উপায়হীন হৈ কৃষকে ধান কাটি খুৱাইছে গৰুক।
ধুবুৰীত পানীৰ অভাৱত মৰহিছে বিঘাই বিঘাই শালি ধান


ধুবুৰী, ২৫ আগষ্ট (হি.স.): ধুবুৰী জিলাৰ উজান পেটলাত প্ৰচণ্ড খৰাং পৰিৱেশ বিৰাজ কৰিছে। যাৰ ফলত পানীৰ অভাৱত মৰহিছে বিঘাই বিঘাই শালি ধান, উপায়হীন হৈ কৃষকে ধান কাটি খুৱাইছে গৰুক।

ধুবুৰী জিলাৰ উজান পেটলা প্ৰথম খণ্ড গাঁৱত এক ভয়াৱহ সংকটৰ সন্মুখীন হৈছে স্থানীয় খেতিয়কসকল। প্ৰখৰ ৰ'দ আৰু তীব্ৰ পানীৰ অভাৱত বিঘাই বিঘাই শালি ধানৰ খেতি পথাৰতে মৰহি ধংস হৈছে। হেক্টৰে হেক্টৰে সেউজীয়া ধান খেতি এতিয়া ৰঙা পৰি জ্বলি যোৱাৰ দৰে হৈছে। যাৰ ফলত মূৰে-কপালে হাত দিবলগীয়া হৈছে অঞ্চলটোৰ দুৰ্ভগীয়া কৃষকসকলে । পৰিস্থিতি ইমানেই জটিল হৈ পৰিছে যে উৎপাদনৰ আশা এৰি দি এতিয়া উপায়হীন কৃষকে পথাৰৰ আধামৰা ধান কাটি গৰুক খুৱাবলৈ বাধ্য হৈছে। তেওঁলোকে বেংক বা বিভিন্ন উৎসৰ পৰা ঋণ আৰু ধাৰ-কৰ্জ কৰি এইবাৰ শালি ধানৰ খেতি কৰিছিল। কিন্তু প্ৰকৃতিৰ এনে ৰুদ্ৰ ৰূপৰ বাবে এতিয়া চকুৰে অন্ধকাৰ দেখিছে কৃষকসকলে। খেতি নষ্ট হোৱাৰ লগতে ঋণ কেনেকৈ পৰিশোধ কৰিব, তাক লৈ সমগ্ৰ অঞ্চলটোতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। কৃষি বিভাগৰ চৰম উদাসীনতা আটাইতকৈ পৰিতাপৰ বিষয় যে, অঞ্চলটোত কৃত্ৰিমভাৱে পানী যোগান ধৰাৰ কোনো চৰকাৰী ব্যৱস্থা নাই।

ধুবুৰী জিলা কৃষি বিভাগৰ বিষয়াই কৃষকৰ লগত যোগাযোগ বা সুবিধা নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande