শোণিতপুৰৰ লখৰাৰ লবৰঘাৰীত বীৰ শ্বহীদ দূৰ্গা মল্লৰ প্ৰতিমূৰ্তি উন্মোচন
শোণিতপুৰ, ২৫ আগষ্ট (হি.স.)। শোণিতপুৰৰ লখৰাৰ লবৰঘাৰীত বীৰ শ্বহীদ দূৰ্গা মল্লৰ প্ৰতিমূৰ্তি উন্মোচন। নদুৱাৰ সমষ্টিৰ অন্তৰ্গত শোণিতপুৰৰ লখৰাৰ লবৰঘাৰীত গোৰ্খা উন্নয়ন পৰিষদৰ উদ্যোগত স্থাপন কৰা বীৰ শ্বহীদ দূৰ্গা মল্লৰ প্ৰতিমূৰ্তি আজি উন্মোচন কৰা হয় । বৃ
শোণিতপুৰৰ লখৰাৰ লবৰঘাৰীত বীৰ শ্বহীদ দূৰ্গা মল্লৰ প্ৰতিমূৰ্তি উন্মোচন


শোণিতপুৰ, ২৫ আগষ্ট (হি.স.)। শোণিতপুৰৰ লখৰাৰ লবৰঘাৰীত বীৰ শ্বহীদ দূৰ্গা মল্লৰ প্ৰতিমূৰ্তি উন্মোচন। নদুৱাৰ সমষ্টিৰ অন্তৰ্গত শোণিতপুৰৰ লখৰাৰ লবৰঘাৰীত গোৰ্খা উন্নয়ন পৰিষদৰ উদ্যোগত স্থাপন কৰা বীৰ শ্বহীদ দূৰ্গা মল্লৰ প্ৰতিমূৰ্তি আজি উন্মোচন কৰা হয় । বৃটিছ শাসনৰ বিৰুদ্ধে মৃত্যুৰ আগমূহুৰ্তলৈকে সাহসেৰে প্ৰতিবাদ কৰি অৱশেষত ২৫ আগষ্টৰ দিনাই দেশৰ হকে হাঁহিমুখে ফাঁচিকাঠত ওলোমা শ্বহীদ দূৰ্গা মল্লৰ প্ৰতি সন্মান জনাই লখৰাৱাসী ৰাইজৰ আগ্ৰহত গোৰ্খা উন্নয়ন পৰিষদে নিৰ্মাণ কৰি উলিওৱা প্ৰতিমূৰ্তিটো উন্মোচন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু গোৰ্খা উন্নয়ন পৰিষদৰ চেয়াৰমেন প্ৰেম টামাঙে।

আনহাতে বীৰ শ্বহীদ গৰাকীৰ প্ৰতিমূৰ্তি নদুৱাৰ সমষ্টিৰ অন্তৰ্গত লখৰাৰ লবৰঘাৰীত স্থাপন কৰাক কেন্দ্ৰ কৰি নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকাই ধন্যবাদ জ্ঞাপন কৰে গোৰ্খা উন্নয়ন পৰিষদক। অনুষ্ঠানত গোৰ্খা উন্নয়ন পৰিষদৰ চেয়াৰমেন প্ৰেম তামাঙকে প্ৰমুখ্যে কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে । বীৰ শ্বহীদ গৰাকীৰ মৃত্যু তিথিৰ সৈতে সংগতি ৰাখি এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো অনুষ্ঠিত কৰা হয় ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande