তৃতীয় দিনৰ প্ৰথম অধিবেশনত শ্ৰীলংকাৰ নিজৰ ইনিংছ সুস্থিৰ, দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত চাৰি উইকেটত ১৩০ ৰান সংগ্ৰহ
কলম্বো, ২৫ আগষ্ট (হি.স.)। ভাৰতৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ তৃতীয় দিনা প্ৰথম অধিবেশনত উন্নত বেটিং কৰি শ্ৰীলংকাই নিজৰ স্থিতি কিছু সুস্থিৰ কৰি তুলিলে। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়লৈকে আয়োজক দলটোৱে চাৰি ৰানত ১৩০ ৰান কৰিছিল। পুৱাৰ অধিবেশনত শ্ৰীলংকাই ১২২
विकेट लेने के बाद खुशी मनाते प्रसिद्ध कृष्णा और अन्य भारतीय


কলম্বো, ২৫ আগষ্ট (হি.স.)। ভাৰতৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ তৃতীয় দিনা প্ৰথম অধিবেশনত উন্নত বেটিং কৰি শ্ৰীলংকাই নিজৰ স্থিতি কিছু সুস্থিৰ কৰি তুলিলে। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়লৈকে আয়োজক দলটোৱে চাৰি ৰানত ১৩০ ৰান কৰিছিল। পুৱাৰ অধিবেশনত শ্ৰীলংকাই ১২২ ৰান সংযোজন কৰে। ভাৰতে ৯ উইকেটত ৫০৩ ৰানত প্ৰথম ইনিংছ ঘোষণা কৰিছিল।

শ্ৰীলংকাই দিনটোৰ আৰম্ভণি কৰে দুটা উইকেটত আঠ ৰানত। অভিষেককাৰী কামিল মিছাৰা ১৯ ৰাণত আউট হয়। প্ৰসিদ্ধ কৃষ্ণই তেওঁক ধ্ৰুৱ জুৰেলৰ হাতত ধৰিবলৈ বাধ্য কৰাইছিল। এই ইনিংছত কৃষ্ণৰ দ্বিতীয়টো উইকেট আছিল আৰু শ্ৰীলংকাই তিনি উইকেটত ৩৫ ৰান সংগ্ৰহ কৰিছিল।

মিছাৰাই দিনটোৰ আৰম্ভণিতে কৃষ্ণৰ বিৰুদ্ধে কিছু উজ্জ্বল বাউণ্ডেৰী মাৰিছিল যদিও অতিৰিক্ত বাউন্সৰ সুযোগ লৈ ভাৰতীয় বেগী বলাৰগৰাকীয়ে তেওঁক আউট কৰে।

ইয়াৰ পাছতে ভাৰতীয় বলাৰৰ সৈতে দৃঢ়তাৰে মুখামুখি হয় পাছিন্দু সূৰিয়াবন্দৰ আৰু কামিন্দু মেণ্ডিছ। দুয়োজনে ইতিবাচক বেটিং কৰি শ্ৰীলংকাৰ ইনিংছ স্থিৰ কৰি চতুৰ্থ উইকেটৰ বাবে ৮৭ ৰানৰ অংশীদাৰিত্ব গঢ়ি তুলিছিল। এই অংশীদাৰিত্বৰ বৃদ্ধিৰ পাছত ভাৰতীয় অধিনায়ক শুবমান গিলে নিজৰ বেগী বলাৰসকলক পুনৰ চিনাকি কৰাই দিয়ে।

তৃতীয় দিনা প্ৰথম স্পিনাৰ হিচাপে নিৰ্বাচিত হয় অভিষেককাৰী সাৰংশ জৈনে, কিন্তু তেওঁ কোনো প্ৰভাৱ পেলাব নোৱাৰিলে। শ্ৰীলংকাৰ বেটছমেনসকলক নিয়ন্ত্ৰণ কৰিবলৈও মানৱ সুথাৰে সংগ্ৰাম কৰিছিল।

ছয় অভাৰৰ দীঘলীয়া উদ্বোধনী স্পেলৰ অন্তত উভতি অহা প্ৰসিদ্ধ কৃষ্ণই কামিন্দু মেণ্ডিছক আউট কৰি ভাৰতক এক গুৰুত্বপূৰ্ণ অগ্ৰগতি প্ৰদান কৰে।

আনটো মূৰত পচিন্দু সূৰিয়াবন্দৰে নিজৰ আকৰ্ষণীয় বেটিং অব্যাহত ৰাখি কেৰিয়াৰৰ প্ৰথমটো টেষ্ট অৰ্ধশতকত উপনীত হয়। টেষ্ট ক্ৰিকেটত তেওঁৰ এনে দ্বিতীয়টো খেল আছিল মাথোঁ। তেওঁৰ এই ইনিংছৰ জৰিয়তে শ্ৰীলংকাই প্ৰাৰম্ভিক বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

অৱশ্যে শ্ৰীলংকাৰ বেটিং উন্নত হোৱাৰ পাছতো ভাৰত শক্তিশালী অৱস্থাত আছে। বৰ্তমান ভাৰতৰ প্ৰথম ইনিংছৰ মুঠ ৫০৩ ৰানতকৈ ৩৭৩ ৰান পিছ পৰি আছে।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande