বিজনী সত্ৰত পৱিত্ৰ ভাদ মাহৰ ভাদ মহীয়া নামৰ ৰূপালী জয়ন্তী ভাগৱত পাঠত বিধান সভাৰ অধ্যক্ষ ৰঞ্জিত দাসৰ
বিজনী সত্ৰত পৱিত্ৰ ভাদ মাহৰ ভাদ মাহীয়া নামৰ ৰূপালী জয়ন্তী ভাগৱত পাঠত উপস্থিত অসম বিধান সভাৰ অধ্যক্ষ ৰঞ্জিত দাস ।
বিজনী সত্ৰত পৱিত্ৰ ভাদ মাহৰ ভাদ মহীয়া নামৰ ৰূপালী জয়ন্তী ভাগৱত পাঠত বিধান সভাৰ অধ্যক্ষ ৰঞ্জিত দাসৰ


চিৰাং, ২৫ আগষ্ট (হি.স.): চিৰাং জিলাৰ বিজনী সত্ৰত পৱিত্ৰ ভাদ মাহৰ ভাদ মাহীয়া নামৰ ৰূপালী জয়ন্তী ভাগৱত পাঠত যোৱা কালি সন্ধিয়া উপস্থিত অসম বিধান সভাৰ অধ্যক্ষ ৰঞ্জিত দাস । পৱিত্ৰ ভাদ মাহ উপলক্ষে চিৰাং জিলাৰ বিজনী সত্ৰত ভক্তিময় পৰিৱেশত অনুষ্ঠিত হৈছে ভাদ মাহীয়া ভাগৱত পাঠ আৰু নাম-কীৰ্তনৰ বিশেষ অনুষ্ঠান। এইবাৰ বিজনী সত্ৰত আয়োজিত ভাদ মাহীয়া নামৰ অনুষ্ঠানটোৱে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়াত ভক্তপ্ৰাণ ৰাইজৰ মাজত বিশেষ উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে।

বিজনী সত্ৰত অনুষ্ঠিত ভাদ মাহীয়া ভাগৱত পাঠৰ অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাস উপস্থিত হৈ ভক্তসকলৰ সৈতে নাম-প্ৰসংগত অংশগ্ৰহণ কৰে। তেওঁৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ আধ্যাত্মিক পৰিৱেশ অধিক উজ্জীৱিত কৰি তোলে। উল্লেখ্য যে, ভাদ মাহ অসমীয়া বৈষ্ণৱ সমাজৰ বাবে অতি পৱিত্ৰ আৰু তাৎপৰ্যপূৰ্ণ মাহ। এই মাহত নাম-প্ৰসংগ, ভাগৱত পাঠ আৰু বিভিন্ন ভক্তিমূলক কাৰ্যসূচীৰ জৰিয়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ বৈষ্ণৱ আদৰ্শ স্মৰণ কৰা হয়।

বিজনী সত্ৰতো দীৰ্ঘদিন ধৰি ভাদ মাহ উপলক্ষে আয়োজন কৰি অহা ভাদ মাহীয়া নামৰ এই বিশেষ অনুষ্ঠানটোৱে ২৫ বছৰ সম্পূৰ্ণ কৰি ৰূপালী জয়ন্তীত উপনীত হোৱাটো এক উল্লেখযোগ্য সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰাৰ নিদৰ্শন। এই উপলক্ষে বিজনীৰ সত্ৰখনত ভক্তসকলৰ মাজত বিশেষ আনন্দ আৰু উৎসাহৰ সৃষ্টি হৈছে।অনুষ্ঠানত ভক্তপ্ৰাণ ৰাইজৰ ব্যাপক উপস্থিতিত বিজনী সত্ৰৰ চৌহদ নাম-কীৰ্তন আৰু ভক্তিৰসেৰে মুখৰিত হৈ পৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande