শ্ৰীভূমিত বাহনৰ গোপন চেম্বাৰৰ পৰা ৪ কোটি টকা মূল্যৰ ৪০ হাজাৰটা য়াবা টেবলেট জব্দ
শ্ৰীভূমি, ২৫ আগষ্ট (হি.স.)। শ্ৰীভূমিৰ পাথাৰকান্দি আৰক্ষীৰ পুনৰ বৃহৎ সাফল্য। গোপন সূত্ৰৰ ভিত্তিত চলোৱা অভিযানত এখন ক্ৰেটা বাহনৰ গোপন চেম্বাৰৰ পৰা প্ৰায় ৪ কোটি টকা মূল্যৰ ৪০ হাজাৰটা ইয়াবা টেবলেট উদ্ধাৰ কৰি এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষী সূ
শ্ৰীভূমিত বাহনৰ গোপন চেম্বাৰৰ পৰা ৪ কোটি টকা মূল্যৰ ৪০ হাজাৰটা য়াবা টেবলেট জব্দ


শ্ৰীভূমি, ২৫ আগষ্ট (হি.স.)। শ্ৰীভূমিৰ পাথাৰকান্দি আৰক্ষীৰ পুনৰ বৃহৎ সাফল্য। গোপন সূত্ৰৰ ভিত্তিত চলোৱা অভিযানত এখন ক্ৰেটা বাহনৰ গোপন চেম্বাৰৰ পৰা প্ৰায় ৪ কোটি টকা মূল্যৰ ৪০ হাজাৰটা ইয়াবা টেবলেট উদ্ধাৰ কৰি এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

আৰক্ষী সূত্ৰ অনুসৰি, মিজোৰামৰ পৰা অহা এম জেদ ০১ ভি ৮৩৯৬ নম্বৰৰ নীলা ৰঙৰ ক্ৰেটা বাহনত বৃহৎ পৰিমাণৰ নিষিদ্ধ মাদক সৰবৰাহৰ গোপন তথ্য লাভ কৰিছিল আৰক্ষীয়ে। সেই তথ্যৰ ভিত্তিত পাথাৰকান্দি থানাৰ আৰক্ষীৰ দলে বাহনখন আটক কৰে। বাহনখনৰ চালকে পলায়নৰ চেষ্টা কৰিছিল যদিও আৰক্ষীৰ জালত পৰে। বাহনখনত তালাচী চলোৱাত ভিতৰত থকা এটা গোপন চেম্বাৰৰ সন্ধান পোৱা যায়। গোপন চেম্বাৰটোৰ পৰা ২০টা পেকেটত লুকুৱাই ৰখা মুঠ প্ৰায় ৪০ হাজাৰটা ইয়াবা টেবলেট উদ্ধাৰ কৰা হয়। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ময়নায়ালাৰ বাসিন্দা এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। লগতে মাদক সৰবৰাহত ব্যৱহৃত ক্ৰেটা বাহনখনো জব্দ কৰিছে আৰক্ষীয়ে।

ইমান বৃহৎ পৰিমাণৰ মাদক ক’ৰ পৰা অনা হৈছিল, ক’লৈ সৰবৰাহ কৰাৰ পৰিকল্পনা আছিল আৰু এই চক্ৰৰ সৈতে আৰু কোন কোন জড়িত—সেই বিষয়ে জানিবলৈ আৰক্ষীৰ জেৰা অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande