ডিজিটেল প্ৰশাসন ব্যৱস্থা আৰু অংশীদাৰসকলৰ সংযোগ সুদৃঢ় কৰিবলৈ ৰেচম সঞ্চালকালয়ৰ ‘ছেৰিকালচাৰ এম.আই.এছ’ মুকলি
গুৱাহাটী, ২৫ আগষ্ট (হি.স.)। অসমৰ ৰেচম খণ্ডত ডিজিটেল প্ৰশাসন ব্যৱস্থা, তথ্য ব্যৱস্থাপনা আৰু অংশীদাৰসকলৰ সংযোগ অধিক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি অসম চৰকাৰৰ ৰেচম সঞ্চালকালয়ে আনুষ্ঠানিকভাবে ‘ছেৰিকালচাৰ মেনেজমেন্ট ইনফৰ্মেচন চি
ডিজিটেল প্ৰশাসন ব্যৱস্থা আৰু অংশীদাৰসকলৰ সংযোগ সুদৃঢ় কৰিবলৈ ৰেচম সঞ্চালকালয়ৰ ‘ছেৰিকালচাৰ এম.আই.এছ’ মুকলি


গুৱাহাটী, ২৫ আগষ্ট (হি.স.)। অসমৰ ৰেচম খণ্ডত ডিজিটেল প্ৰশাসন ব্যৱস্থা, তথ্য ব্যৱস্থাপনা আৰু অংশীদাৰসকলৰ সংযোগ অধিক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি অসম চৰকাৰৰ ৰেচম সঞ্চালকালয়ে আনুষ্ঠানিকভাবে ‘ছেৰিকালচাৰ মেনেজমেন্ট ইনফৰ্মেচন চিষ্টেম’ (চেৰিকালচাৰ এম আই এছ ) মুকলি কৰে।

এই ডিজিটেল মুকলি পৰ্ব আনুষ্ঠানিকভাৱে সম্পন্ন কৰে অসম চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম আদি বিভাগৰ মাননীয় মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে। অনুষ্ঠানত ৰেচম বিভাগৰ সঞ্চালক লক্ষ্মী দত্তৰ লগতে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ বিশেষ সচিব কৌশ্বাৰ জে. হিলালী,আই.এ.এছ.(ৰিটায়াৰ্ড), ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক অংকুৰ ভৰালী, জ্যেষ্ঠ এ.চি.এছ. বিষয়া কাজৰী ৰাজখোৱা আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে।

‘ছেৰিকালচাৰ এম.আই.এছ’ প্ৰণালীটোক এৰী, মুগা, পাট আৰু তচৰ ৰেচমৰ এক উমৈহতীয়া তথ্যৰ মঞ্চ হিচাপে গঢ়ি তোলা হৈছে, যিয়ে কৃষক, কৃষক এফ আই জি গোট, জিলা ৰেচম কাৰ্যালয় আৰু ৰাজ্যিক প্ৰশাসনক ডিজিটেল মাধ্যমত একত্ৰিত কৰিব। ৰেচম খণ্ডৰ সামগ্ৰিক বিকাশৰ বাবে তথ্যৰ সুচল প্ৰবাহ, দক্ষ নিৰীক্ষণ আৰু উন্নত সমন্বয় সহজ কৰি তোলাটোৱেই এই ব্যৱস্থাৰ মূল উদ্দেশ্য।

এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি মাননীয় মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে ৰেচম খণ্ডত স্বচ্ছতা, সমন্বয় আৰু সেৱা প্ৰদান ব্যৱস্থাৰ উন্নতি সাধনৰ বাবে প্ৰযুক্তি আৰু ডিজিটেল মঞ্চৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande