
কামৰূপ, ২৫ আগষ্ট(হি.স.)। ৰঙিয়াত দিন দুপৰতে ডকাইটি কাণ্ডক লৈ চাঞ্চল্যৰ সৃষ্টি। এটাৰ পিছত আনটো চুৰিকাণ্ড , হত্যাকাণ্ডই জোকাৰি যোৱা ৰঙিয়াত এইবাৰ দিন দুপৰতে সংঘটিত হোৱা ডকাইতি কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰঙিয়াৰ মূৰাৰাত দিনৰ ভাগতে হিন্দী চিনেমাৰ ষ্টাইলত ছানগ্লাছ পিন্ধি অহা দুই দুৰ্বৃত্তই ডকাইটি কাণ্ড সংঘটিত কৰাৰ ঘটনা পোহৰলৈ অহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
ব্যস্ত পথৰ কাষত থকা ৰঙিয়াৰ বিশিষ্ট সমাজকৰ্মী প্ৰদীপ কাকতিৰ বাসগৃহত ঘৰৰ দৰ্জা ভাঙি দুৰ্বৃত্তই ভিতৰত প্ৰৱেশ কৰে। কোঠাৰ সমগ্ৰ বয় বস্তু লণ্ড ভণ্ড কৰাৰ লগতে আইফোন ১৭, মোবাইল ফোন এটা ,দুটাকৈ লেপটপ আৰু এখন ড্ৰোণ লুট কৰি নিয়ে। সমগ্ৰ ঘটনাৰ দৃশ্য চিচিটিভিত বন্দী হৈ থকাত দুৰ্বৃত্তৰ গতিবিধি লক্ষ্য কৰি ইতিমধ্যে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালৰ লোকে।
দিন দুপৰতে সংঘটিত এই ঘটনাই আৰক্ষীৰ নিৰাপত্তাক ভেঙুচালি কৰাত সমগ্ৰ ৰঙিয়া চহৰতে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি যুগুত কৰা পৰলৈ দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হোৱা নাই। ৰঙিয়া আৰক্ষীয়ে কিহত ব্যস্ত হৈ থাকে বুলি ৰঙিয়াৰ সচেতন ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা