শিৱসাগৰ বৰ্ডিং খেলপথাৰত ৰাইজৰ দলৰ বিশাল জনসমাৱেশ
শিৱসাগৰ, আগষ্ট (হি.স.)। শিৱসাগৰৰ বৰ্ডিং খেল পথাৰত ৰাইজৰ দলৰ বিশাল জনসমাৱেশ। বিধ্বংসী বানপানীত ক্ষতিগ্ৰস্ত পৰিয়াল সমূহৰ দাবী পূৰণৰ আহ্বানেৰে আজি ৰাইজৰ দলৰ উদ্যোগত অনুষ্ঠিত হয় এই বিশাল জনসমাৱেশ। বানপীড়িত প্ৰতিটো পৰিয়ালক চৰকাৰে ঘোষণা কৰা ১৫ হাজাৰ টকাৰ
শিৱসাগৰ বৰ্ডিং খেলপথাৰত ৰাইজৰ দলৰ বিশাল জনসমাৱেশ


শিৱসাগৰ, আগষ্ট (হি.স.)। শিৱসাগৰৰ বৰ্ডিং খেল পথাৰত ৰাইজৰ দলৰ বিশাল জনসমাৱেশ। বিধ্বংসী বানপানীত ক্ষতিগ্ৰস্ত পৰিয়াল সমূহৰ দাবী পূৰণৰ আহ্বানেৰে আজি ৰাইজৰ দলৰ উদ্যোগত অনুষ্ঠিত হয় এই বিশাল জনসমাৱেশ। বানপীড়িত প্ৰতিটো পৰিয়ালক চৰকাৰে ঘোষণা কৰা ১৫ হাজাৰ টকাৰ সাহায্য অহা ৪৮ ঘণ্টাৰ ভিতৰত প্ৰদান কৰাৰ দাবী জনায় ৰাইজৰ দলে।

লগতে প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদানৰ দাবী উত্থাপন কৰা হয়। এই বান মানৱসৃষ্ট বুলি দাবী কৰি সমগ্ৰ ঘটনাৰ চিবিআই তদন্তৰো দাবী জনায় জনসমাৱেশত। ইয়াৰ উপৰি বানপীড়িত পৰিয়াল সমূহৰ বাবে ছয় মাহলৈ বিদ্যুৎ যোগান বিনামূলীয়া কৰা আৰু কেঁচা ঘৰ সমূহ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পকী কৰাৰ দাবী উত্থাপন কৰে ৰাইজৰ দলে।

অবৈধ কয়লা আৰু শিল খননত জড়িত লোক সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো দাবী। দাবী সমূহ পূৰণ নকৰিলে প্ৰথমে জিলা আয়ুক্তৰ কাৰ্যালয় আৰু পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰাৰ হুংকাৰ অখিল গগৈৰ। প্ৰয়োজন হ’লে দিছপুৰলৈ গৈ ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰো ঘোষণা কৰে বিধায়ক গৰাকীয়ে।

ইফালে, অখিল গগৈৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই কেইবা সহস্ৰাধিক লোক বৰ্ডিং খেলপথাৰত সমবেত হয়। জনসমাৱেশত ৰাইজৰ দলৰ নেত্ৰী জ্ঞানশ্ৰী বৰা, ধৈৰ্য কোঁৱৰকে ধৰি বহু বিষয়ববীয়া আৰু কেইবা খনো পঞ্চায়তৰ সভাপতি উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande