
বৰপেটা, ২৫ আগষ্ট (হি.স.): বৰপেটা জিলাৰ জনীয়াৰ ছুনপুৰাত যোৱা কালি সোমবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাত স্কুটিৰ দুজন আৰোহী আৰু পালছাৰ বাইকখনত থকা তিনিজন আৰোহী গুৰুতৰভাৱে আহত হয়।
জানিব পৰামতে, এএছ ১৫ এই ৮৬৫১ নম্বৰৰ পালছাৰ বাইক আৰু এএছ ১৫ এছ ২৬৭০নম্বৰৰ স্কুটিৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত গুৰুতৰভাৱে আহত পাঁচজন লোক | দুৰ্ঘটনাত স্কুটিৰ দুজন আৰোহী আৰু পালছাৰ বাইকখনত থকা তিনিজন আৰোহী গুৰুতৰভাৱে আহত হয়। আহত আটাইকেইজনকে স্থানীয় ৰাইজে ততাতৈয়াকৈ বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু বৰপেটা অসামৰিক চিকিৎসালয় কলগাছিয়ালৈ প্ৰেৰণ কৰে। ইয়াৰে তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
ছুনপুৰা গাঁৱৰ আব্দুল হুছেইনে নিজ ঘৰৰ পৰা স্কুটিৰে ওলাই অহাৰ সময়তে বৰপেটাৰ পৰা কলগাছিয়ামুখী তীব্ৰবেগী পালছাৰ বাইকখনে নিয়ন্ত্ৰণ হেৰুৱাই স্কুটিখনত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনা সংঘটিত হয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে । ৰাজ্যিক ঘাইপথৰ এই স্থানত মাজে সময়ে সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা। সেয়েহে দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে উক্ত স্থানত শীঘ্ৰে স্পিড ব্ৰেকাৰ স্থাপনৰ দাবী জনাইছে স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ