গহপুৰৰ মিছামাৰীত সংঘটিত পথ দূৰ্ঘটনাত দুজন নিহত
দুজন বাইক আৰোহী নিহত।
গহপুৰৰ মিছামাৰীত সংঘটিত পথ দূৰ্ঘটনাত দুজন নিহত


বিশ্বনাথ, ২৫ আগষ্ট (হি.স.)। বিশ্বনাথ জিলাৰ গহপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মিছামাৰীত যোৱা কালি সোমবাৰে নিশা সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা । ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় দুজন বাইক আৰোহী ।

জানিব পৰামতে, গহপুৰ অভিমুখি এএছ-০১-পিচি -৫৩১৭ নম্বৰৰ ট্ৰাকখনে একে দিশৰ পৰা আহি থকা এএছ- ৩২ডি- ৪৩১৭ নম্বৰৰ বাইক খনক খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় । বৰ্তমান লৈকে নিহত দুজনক চিনাক্ত কৰিব পৰা হোৱা নাই । ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande