বৰপেটাৰ বাঘবৰৰ যাদৱপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা
বৰপেটাৰ বাঘবৰৰ যাদৱপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
বৰপেটাৰ বাঘবৰৰ যাদৱপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা


বৰপেটা, ২৫ আগষ্ট (হি.স.): বৰপেটা জিলাৰ বাঘবৰৰ যাদৱপুৰত যোৱা কালি সোমবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা পুখুৰীত বাগৰি পৰে ছুইফট বাহন এখন । তীব্ৰ বেগেৰে আহি নিয়ন্ত্ৰণ হেৰুৱাই পানীত ডুব যায় বাহন খন ।

বাহন খনৰ ভিতৰৰ পৰা ৰাইজে চালকসহ তিনি গৰাকী আৰোহীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বাহন খনৰ পঞ্জীয়ন নম্বৰ এএছ ০১ কেচি ১১৯৩ বুলি কোৱা হৈছে। ইতিমধ্যে ঘটনাস্থলীত মন্দিয়া আৰক্ষী উপস্থিত হৈ বাহন সহ উদ্ধাৰ কৰে আৰোহী কেইজনক ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande