পথ দুৰ্ঘটনাত বীৰ লাচিত সেনাৰ শিমলুগুৰি আঞ্চলিকৰ সভাপতি মানস জ্যোতি চেতিয়াৰ কৰুণ মৃত্যু
শিৱসাাগৰ, ২৫ আগষ্ট (হি.স.)। পথ দুৰ্ঘটনাত বীৰ লাচিত সেনাৰ শিমলুগুৰি আঞ্চলিকৰ সভাপতি মানস জ্যোতি চেতিয়াৰ শোকাৱহ মৃত্যু।যোৱা দেওবাৰে ৰাতি ঘৰলৈ আহি থাকোতে বীৰ লাচিত সেনাৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি মানস জ্যোতি চেতিয়া ওৰফে এম জে এক পথ দুৰ্ঘটনা
পথ দুৰ্ঘটনাত বীৰ লাচিত সেনাৰ শিমলুগুৰি আঞ্চলিকৰ সভাপতি মানস জ্যোতি চেতিয়াৰ কৰুণ মৃত্যু


শিৱসাাগৰ, ২৫ আগষ্ট (হি.স.)। পথ দুৰ্ঘটনাত বীৰ লাচিত সেনাৰ শিমলুগুৰি আঞ্চলিকৰ সভাপতি মানস জ্যোতি চেতিয়াৰ শোকাৱহ মৃত্যু।যোৱা দেওবাৰে ৰাতি ঘৰলৈ আহি থাকোতে বীৰ লাচিত সেনাৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি মানস জ্যোতি চেতিয়া ওৰফে এম জে এক পথ দুৰ্ঘটনা হয়। দুখজনক ভাৱে তেওঁৰ নিশা তেওঁৰ মৃত্যু হয়।

ৰাইজৰ মৰমৰ এম জে বুলি পৰিচিত মানস জ্যোতি চেতিয়া কেৱল এজন সংগঠনৰ নেতাই নাছিল, তেওঁ আছিল ৰাইজৰ সুখ-দুখৰ লগৰী। শেহতীয়া বানত উটি যোৱা, ভাঙি যোৱা বহু পৰিয়ালৰ ঘৰ তেওঁ নিজে আগভাগ লৈ পুনৰ নিৰ্মাণ কৰি দিছিল। বানপীড়িত ৰাইজক খাদ্য, বস্ত্ৰৰ পৰা আৰম্ভ কৰি সকলো প্ৰকাৰে সহায়ৰ হাত আগবঢ়াইছিল।

তেওঁৰ অকাল মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ শিমলুগুৰি অঞ্চলত শোকৰ ছাঁ পৰিছে। বীৰ লাচিত সেনাৰ লগতে বিভিন্ন দল-সংগঠন আৰু সাধাৰণ ৰাইজে গভীৰ শোক প্ৰকাশ কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande