
বৰপেটা, ২৫ আগষ্ট (হি.স.): বৰপেটা জিলাৰ চেঙাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত আদুৰীপাৰাত যোৱা কালি নিশা বন বিভাগে অভিযান চলাই কেইবাটাও শাল গছৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে অঞ্চলটোৰ কুখ্যাত চোৰাং কাঠ বেপাৰী শ্বাহ আলমে বৃহৎ পৰিমাণৰ শাল গছৰ কুণ্ডা নদী পথেৰে আনি এখন দ' বিলত লুকুৱাই থৈছিল। বন বিভাগে এই খৱৰ লাভ কৰি অভিযান চলাই মাত্ৰ চাৰিটা কুণ্ডাহে জব্দ কৰিবলৈ সক্ষম হয় । উক্ত স্থানত অধিক কাঠৰ কুণ্ডা থকাৰ সন্দেহ ব্যক্ত কৰিছে একাংশ লোকে। ইফালে বন বিভাগৰ অভিযানৰ খৱৰ পাই অঞ্চলটোৰ কেইবাটাও দালালে উক্ত স্থানত উপস্থিত হৈ সৰ্বেসৰ্বা হৈ পৰে ।
উল্লেখ্য যে, শ্বাহ আলমে দীৰ্ঘদিন চোৰাং কাঠৰ ব্যৱসায়ৰ লগতে নিজৰ ঘৰৰ কাষতে এতিয়াও নিৰ্বিঘ্নে অবৈধ কাঠফলা মিল চলাই থকাৰ অভিযোগ উঠিছে। এইক্ষেত্ৰত বন বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ