
কামৰূপ, ২৫ আগষ্ট (হি.স.)। পলাশবাৰীত চোৰাং গৰু কঢ়িয়াই অনা বাহন দুৰ্ঘটনাত পতিত। দক্ষিণ কামৰূপৰ পলাশবাৰী থানাৰ অন্তৰ্গত অসম মেঘালয় সীমান্তবৰ্তী গাড়ীলিকত এ এছ ০১ জি চি ৬১৫৩ নম্বৰৰ এখন মহেন্দ্ৰ পিক আপ বাহন দুৰ্ঘটনাগ্ৰস্থ হয়। এই দুৰ্ঘটনাগ্ৰস্থ বাহনখনৰ পৰা উদ্ধাৰ হ'ল তিনিটা মৃত আৰু সাতটা আঘাতপ্ৰাপ্ত মুঠ দহটা পশুধন।
জানিব পৰা মতে, পলাশবাৰী থানাৰ এলেকাধীন বৰদুৱাৰ বাগান অঞ্চলৰ পৰা দহটা পশুধন কঢ়িয়াই চোৰাংকৈ মেঘালয়লৈ ৰপ্তানি কৰি থকাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই বাহনসহ গৰুকেইটা জব্দ কৰিবলৈ সক্ষম হয় । কিন্তু আচৰিত ধৰণে গাড়ীখন দুৰ্ঘটনাগ্ৰস্থ কৰি চালক পলাই যায়। উল্লেখ্য যে দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইৰ পৰা দিনে নিশাই মেঘালয়লৈ একাংশ লোকে চোৰাং গৰু সৰবৰাহ কৰি আহিছে। মাজে সময়ে আৰক্ষীয়ে অভিযান চলাই যদিও প্ৰতিদিনেই অবাধে চোৰাং গৰু সৰবৰাহ হৈ আহিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা