
শিৱসাগৰ, ২৫ আগষ্ট (হি.স.)। শিৱসাগৰৰ গেমন দলঙৰ সমীপত চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা ৷
পুঁৱতি নিশা মালবাহী ট্ৰাকত ডকাইতৰ দলে লুটপাত কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷
চালকৰ মুখত চেতনানাশক পদাৰ্থ প্ৰয়োগ কৰি ট্ৰাকখনত লুটপাত৷
যোৰহাটৰ পৰা অৰণাচল প্ৰদেশৰ ৰয়িং অভিমুখী আছিল এ এচ ০১ এন চি, ৩৯৬৫ নম্বৰৰ আমূল তাজা ভৰ্তি ট্ৰাকখন৷
চালক চন্দন ঘাটোৱাৰৰ মূখত স্প্ৰে কৰি চাৰিজনীয়া এটা দুবৃত্বৰ দলে লুটি নিয়ে সামগ্ৰী সমূহ ৷
যান্ত্ৰীক বিজ্যুতিৰ বাবে সেই স্থানত পুঁৱতি নিশা চাৰে বাৰ মান বজাত অচল হৈ পৰিছিল ট্ৰাকখন ৷
সেই সময়তে দুবৃত্বৰ দলটোৱে চালকৰ মুখত চেতনানাশক ঔষধ প্ৰয়োগ কৰাত চালক গৰাকী অচেতন হৈ পৰে ৷
পুঁৱতি নিশা চাৰে তিনিমান বজাত চেতনা ঘুৰি অহাৰ পিছতহে চালক চন্দন ঘাটোৱাৰে ট্ৰাকখনত লুটপাত হোৱাৰ সন্দৰ্ভদ অৱগত হয় ৷
দুৰ্বৃত্বৰ দলটোৱে ট্ৰাকখনৰ পৰা গাখীৰৰ কাৰ্টুন লুটি নিয়াৰ লগতে চালকৰ মবাইল ফোনটো আৰু নগদ চাৰি হাজাৰ টকা লুটি লৈ যায় ৷
বৰ্তমানলৈকে ঘটনাস্থলীত জয়সাগৰ আৰক্ষীৰ দল উপস্থিত হোৱা নাই ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা