
নলবাৰী, ২৫ আগষ্ট (হি.স.)। নলবাৰীত উদ্ধাৰ হৈছে এটা পাহাৰীয়া কাছ। নলবাৰীৰ মাজুশিৰালত পাগলাদিয়া নৈৰ বালিচৰত উদ্ধাৰ হৈছে এই প্ৰকাণ্ড কাছটো ।
স্থানীয় লোকৰ খৱৰৰ ভিত্তিত নলবাৰী আঞ্চলিক বন বিষয়া দিনেশ দাসৰ নেতৃত্বত যোৱা বনকৰ্মীৰ দলে উদ্ধাৰ কৰে কাছটো।
উদ্ধাৰ হোৱা কাছটো পাহাৰীয়া অঞ্চলৰ পৰা নৈৰে নামি অহাৰ সন্দেহ।
উদ্ধাৰ কৰা কাছটো বনবিভাগে নলবাৰী বালিলেছা মা কালী দেৱালয়ত থকা ঐতিহাসিক পুখুৰীত মুকলি কৰি দিয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা