
ডিব্ৰুগড়, ২৫ আগষ্ট (হি.স.)। ডিব্ৰুগড় লাহোৱাল থানাৰ অন্তৰ্গত বকুল মাজ গাঁৱত কালি নিশা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়৷ জানিব পৰা মতে বকুল মাজ গাঁৱৰ নিবাসী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধ্ৰুবজ্যোতি শইকীয়াই পুত্ৰ কল্যাণ শইকীয়াৰ লগ হৈ কল্যাণ শইকীয়াৰ পত্নী পৰিস্মিতা গগৈ শইকীয়াক দাৰে আক্ৰমণ কৰে৷
ফলত পৰিস্মিতা গগৈৰ এখন হাত আৰু ডিঙিত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয়৷ বৰ্তমান সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত চিকিৎসাধীন পৰিস্মিতা গগৈ নামৰ মহিলা গৰাকী। ইতিমধ্যে লাহোৱাল আৰক্ষীয়ে মহিলা গৰাকীৰ শহুৰ ধ্ৰুৱজ্যোতি শইকীয়াক লাহোৱাল আৰক্ষীয়ে আটক কৰি তদন্ত আৰম্ভ কৰিছে৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু